হিতো 8:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মোৰ ভাল পৰামৰ্শ আৰু গভীৰ প্রজ্ঞা আছে; সুক্ষ্মদৃষ্টি আৰু পৰাক্ৰম মোৰেই। |
যি জনে নিজকে পৃথকে ৰাখে, তেওঁ কেৱল নিজৰ আকাংক্ষা সিদ্ধিৰ চেষ্টা কৰে, আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে যুঁজ কৰে।
হে মোৰ পুত্র, তুমি সেই সকলোকে তোমাৰ দৃষ্টিৰ পৰা আতৰ হ’বলৈ নিদিবা; তুমি ন্যায় বিচাৰ আৰু বিচক্ষনতা ধৰি ৰাখিবা।
দহজন শাসনকর্তাই এখন নগৰক যিমান শক্তিশালী কৰে, প্রজ্ঞাই এজন জ্ঞানৱানক তাতোকৈ অধিক পৰিমাণে শক্তিশালী কৰে।
তেওঁ কাৰ পৰা পৰামৰ্শ পাইছিল? কোনে তেওঁক ন্যায় কার্য কৰিবলৈ শিকাইছিল? আৰু কোনে তেওঁক জ্ঞানৰ শিক্ষা দিছিল, আৰু তেওঁক বিবেচনাৰ পথ দেখুৱাইছিল?
কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য পৰামৰ্শদাতা, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
তুমি জ্ঞানত মহান, আৰু কাৰ্যত শ্ৰেষ্ঠ, কিয়নো প্ৰতিজনৰ আচাৰ-ব্যৱহাৰ আৰু কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনুষ্য সন্তান সকলৰ আটাই আচাৰ-ব্যৱহাৰৰ ওপৰত তোমাৰ চকু মেলা আছে।
কিন্তু ইহুদী লোকেই হওক বা গ্রীক লোকেই হওক, ঈশ্বৰে যি সকলক আমন্ত্রণ কৰিছে, আমি তেওঁলোকৰ ওচৰত খ্রীষ্টক ঈশ্বৰৰ শক্তি আৰু জ্ঞানস্বৰূপে প্রচাৰ কৰোঁ।
কাৰণ ঈশ্বৰৰ কার্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হ’ল। খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান, তেৱেঁই আমাৰ জীৱনৰ ধাৰ্মিকতা, পবিত্রতা আৰু মুক্তি।