অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




হিতো 29:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যি শাসনকৰ্ত্তাই মিছা কথালৈ মনোযোগ দিয়ে, তেওঁৰ সকলো কৰ্মচাৰী দুষ্ট প্রকৃতিৰ হয়।

অধ্যায়টো চাওক



হিতো 29:12
15 পৰস্পৰ সংযোগসমূহ  

যোচেফৰ প্রভুৱে যেতিয়া নিজৰ ভার্য্যাৰ মুখেৰে “তোমাৰ দাসে মোলৈ এনেধৰণৰ ব্যৱহাৰ কৰিছে” বুলি শুনিলে, তেওঁ খঙত জ্বলি উঠিল।


সেই ডেকাসকলৰ পৰামৰ্শ অনুসাৰে তেওঁলোকক এই কথা ক’লে, “মোৰ পিতৃয়ে তোমালোকৰ ওপৰত গধুৰ যুৱলি দি গ’ল, কিন্তু মই তাক পুনৰ গধুৰ কৰিম। মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হলে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম৷”


কিন্তু লোকসকলে সেই কথা নুশুনিলে; মনচিয়ে তেওঁলোকক বিপথে পৰিচালিত কৰিলে; এনেকি যি জাতিবোৰক যিহোৱাই ইস্ৰায়েলৰ লোকসকলৰ সন্মুখৰ পৰা উচ্ছন্ন কৰিছিল, তেওঁলোকতকৈয়ো অধিক কু-আচৰণ কৰিবলৈ ধৰিলে।


সিংহাসনত বহা ৰজাই বিচাৰকৰ দ্বায়ীত্ব পালন কৰে; তেওঁৰ আগত থকা সকলো দুষ্টতা তেওঁৰ দৃষ্টিৰে পৰীক্ষা কৰে।


উত্তৰৰ বতাহে যেনেকৈ বৃষ্টি আনে, তেনেকৈ যিজনে গুপুত কথা কয় তেওঁৰ মুখমণ্ডল ঘৃণনীয়।


কিন্তু তেওঁ, তেওঁৰ মন্ত্ৰীসকল আৰু দেশীয় লোকসকলে যিৰিমিয়া ভাববাদীৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্যলৈ কাণ নিদিলে।


আৰু চৌলে তেওঁৰ দাসবোৰক আজ্ঞা দিলে, “গোপনে দায়ূদৰ লগত কথা পাতি এই কথা কোৱা, ‘চাওক, ৰজা আপোনাত সন্তুষ্ট হৈছে, আৰু তেওঁৰ সকলো দাসে আপোনাক ভালপায়। এই হেতুকে আপুনি ৰজাৰ জোঁৱাই হওক’।”