হিতো 14:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 নিন্দক লোকে প্ৰজ্ঞা বিচাৰিলে তাক নাপায়; কিন্তু বুদ্ধিমানৰ পক্ষে জ্ঞান সুলভ হয়। |
জ্ঞানীলোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ’বলৈ দিয়া। আৰু তীক্ষ্নবুদ্ধি সম্পন্ন লোকক পথপ্রদৰ্শন কৰা;
যিহেতু অজ্ঞানী লোকৰ শিক্ষা গ্রহণ কৰাৰ দক্ষতা নাই সেয়ে তেওঁ প্ৰজ্ঞা আহৰণ কৰিবলৈ কিয় ধন খৰচ কৰিব?
যিজনৰ সুবিবেচনা থাকে, তেওঁ প্রজ্ঞাৰ সন্মুখত থাকে; কিন্তু অজ্ঞানী লোকৰ চকু পৃথিবীৰ অন্তত থাকে।
নিজকে নিজে জ্ঞানী বুলি ভবা মানুহ তুমি দেখিছা নে? তেওঁতকৈ অজ্ঞানীৰ বাবে বহুতো আশা আছে।
মোৰ মুখৰ সকলো কথা ন্যায়পৰায়ণ; সেইবোৰৰ মাজত বিকৃত, বা বিভ্রান্তিজনক বিষয়ৰ কথা নাথাকে।
যি সকলে বুজি পাই, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ স্পষ্ট; যি সকলে জ্ঞান লাভ কৰে, তেওঁলোকৰ কাৰণে মোৰ কথাবোৰ সত্য।
সেয়ে তোমালোকে বিধান আৰু সাক্ষ্যলৈ মনোযোগ দিয়া উচিত! যদি তেওঁলোকে এই বিষয়ে নকয়, তেনেহ’লে ইয়াৰ কাৰণে তেওঁলোকলৈ পুৱাৰ পোহৰ নহ’ব।
জ্ঞানীসকলে লাজ পাইছে, তেওঁলোক ব্যাকুল হৈ ধৰা পৰিল; চোৱা, তেওঁলোকে যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলে, তেন্তে তেওঁলোকৰ জ্ঞান কেনে ধৰণৰ?
যদি কোনোৱে কিবা বিষয়ত সকলো জানো বুলি ভাৱে, তেনেহলে তেওঁ যিৰূপে জনা উচিত, সেইভাৱে এতিয়াও নাজানে।
কিন্তু আপোনালোকৰ কাৰোবাৰ যদি জ্ঞানৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।