অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




লেবীয়া 24:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু যদি কোনোৱে তেওঁৰ ওচৰ-চুবুৰীয়াক আঘাত কৰে, তেন্তে তেওঁ যেনে কৰিলে, তেওঁলৈকো তেনে কৰা যাব;

অধ্যায়টো চাওক



লেবীয়া 24:19
9 পৰস্পৰ সংযোগসমূহ  

কিন্তু যদি গভীৰ আঘাত হয়, তেনেহ’লে প্ৰাণৰ সলনি প্ৰাণ,


চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি,


জুইৰ আঘাতৰ সলনি জুইৰ আঘাত, আঘাতৰ সলনি আঘাত, বা থেতেলা খোৱাৰ সলনি থেতেলা খোৱা, দিব লাগিব।


আৰু যি জনে আন এজনৰ পশুক মাৰিব, তেওঁ তাৰ সলনি দিব; প্ৰাণৰ সলনি প্ৰাণ।


অঙ্গ ভঙাৰ সলনি অঙ্গ ভঙা, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত। যিদৰে তেওঁ আন জনক আঘাত কৰিলে, তেওঁলৈকো তেনেই কৰা হ’ব।


তোমালোকে ‘চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত’ এই যি কথা কোৱা হৈছিল, সেই বিষয়ে শুনিছা।


কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধ-বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।


আপোনালোকে তেওঁৰ প্রতি কোনো দয়া নেদেখুৱাব; প্ৰাণৰ সলনি প্ৰাণ, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি ল’ব।


তাতে অদুনী-বেজকে ক’লে, “মই সত্তৰজন ৰজাৰ হাত আৰু ভৰিৰ বুঢ়া আঙুলি কাটি পেলাইছিলোঁ। তেওঁলোকে মোৰ মেজৰ তলত পৰা আহাৰ বুটলি খাইছিল। মই তেওঁলোকৰ প্রতি যেনে কার্য কৰিলোঁ, ঈশ্বৰেও মোলৈ তেনে কৰিলে।” পাছত তেওঁলোকে অদুনী-বেজকক যিৰূচালেমলৈ আনিলে আৰু তেওঁৰ সেই ঠাইতে মৃত্যু হ’ল।