তেতিয়া পুৰোহিতে সেই শুচি কৰিব লগা লোকজনৰ কাৰণে দুটা জীয়া শুচি চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম, আৰু একোচা এচোব বন, এই সকলোকে লবলৈ আজ্ঞা দিব।
লেবীয়া 14:50 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মাটিৰ পাত্ৰত থোৱা নিৰ্মল পানীৰ ওপৰত তেওঁ এটা চৰাই কাটিব। |
তেতিয়া পুৰোহিতে সেই শুচি কৰিব লগা লোকজনৰ কাৰণে দুটা জীয়া শুচি চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম, আৰু একোচা এচোব বন, এই সকলোকে লবলৈ আজ্ঞা দিব।
পাছত তেওঁ সেই ঘৰ শুচি কৰিবৰ কাৰণে দুটা চৰাই, এডোখৰ এৰচ কাঠ, অলপ ৰঙা নোম, আৰু একোচা এচোব বন ল’ব।
আৰু পুৰোহিত জনে তেওঁক মাটিৰ পাত্ৰত থোৱা নিৰ্মল পানীৰ ওপৰত সেই দুটা চৰাইৰ এটাক কাটিবলৈ আজ্ঞা কৰিব।
তেওঁ সেই এৰচ কাঠডোখৰ, এচোব বনকোচা, ৰঙা নোমখিনি আৰু জীয়া চৰাইটো এই সকলোকে লৈ, সেই কটা চৰাইৰ তেজত আৰু নিৰ্মল পানীত জুবুৰিয়াই সাতবাৰ ঘৰত ছটিয়াব।
তাৰ পাছত তেওঁ জীয়া চৰাইটো, এৰচ কাঠডোখৰ আৰু এচোব বন কোচা, এই সকলোকে লৈ সেই নিৰ্মল পানীৰ ওপৰত কটা চৰাইটোৰ তেজত জীয়া চৰাইটোৰে সৈতে জুবুৰিয়াই দিব।