পাছত ইলীচা তাৰ পৰা বৈৎএললৈ গ’ল। তেওঁ ওপৰলৈ উঠি গৈ থাকোতে বাটত কিছুমান সৰু ল’ৰাই নগৰৰ পৰা ওলাই আহি তেওঁক বিদ্রূপ কৰি ক’বলৈ ধৰিলে, “ঐ তপামূৰা, সোনকালে সোনকালে উঠি যা; তপামূৰা!”
লেবীয়া 13:40 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু যদি কোনো মানুহৰ মূৰৰ চুলি সৰি যায়, তেন্তে তেওঁ টকলা মূৰা; কিন্তু তেওঁ শুচি। |
পাছত ইলীচা তাৰ পৰা বৈৎএললৈ গ’ল। তেওঁ ওপৰলৈ উঠি গৈ থাকোতে বাটত কিছুমান সৰু ল’ৰাই নগৰৰ পৰা ওলাই আহি তেওঁক বিদ্রূপ কৰি ক’বলৈ ধৰিলে, “ঐ তপামূৰা, সোনকালে সোনকালে উঠি যা; তপামূৰা!”
তেওঁৰ মূৰ অতি উত্তম নিৰ্ম্মল সোণৰ নিচিনা; তেওঁৰ চুলি কোচা কেঁকোৰা আৰু ঢোঁৰা কাউৰীৰ নিচিনা ক’লা।
তেওঁলোক মন্দিৰৰ ওপৰলৈ গ’ল, আৰু দীবোনৰ লোকসকল কান্দিবলৈ ওখ স্থানলৈ গ’ল; নবো আৰু মেদবাৰ ওপৰত মোৱাবে বিলাপ কৰিছে; সকলোৰে মুৰ টকলা কৰা হৈছে, আৰু প্ৰতিজনৰ ডাঢ়ি কটা হৈছে।
তেন্তে পুৰোহিতে সেই লোকজনক চাব; যদি তেওঁৰ ছালত হোৱা জিলিকা দাগবোৰ গোম বৰণীয়া বগা হয়, তেন্তে সেয়ে ছালত উৎপন্ন হোৱা এবিধ ফোঁহা; আৰু তেওঁ শুচি।
মই তোমালোকৰ উৎসৱবোৰ শোকলৈ আৰু তোমালোকৰ সকলো গান বিলাপলৈ পৰিণত কৰিম; তোমালোক সকলোৰে কঁকালত শোকবস্ত্রৰ চট পিন্ধাম, প্ৰত্যেকৰ মূৰ টকলা হ’ব; একেটি পুত্ৰৰ বিয়োগৰ শোকৰ দৰে মই সেই সময়ক শোকলৈ পৰিণত কৰিম, আৰু শেষলৈকে এই তিক্ততাৰ দিন চলি থাকিব।
এতেকে আপোনালোকে শৰীৰৰ অভিলাষৰ বশীভূত হ’বলৈ, আপোনালোকৰ মৰ্ত্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিব৷
আপোনালোকৰ মাংসৰ দূৰ্বলতাৰ কাৰণে, মই মানুহৰ দৰে কৈছোঁ৷ কিয়নো আপোনালোকে যেনেকৈ পুৰ্বতে অধৰ্মৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক অশুচিতা আৰু অধৰ্ম অধীনত সমৰ্পণ কৰিছিল, তেনেকৈ এতিয়া পবিত্ৰতা লাভৰ কাৰণে, নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক দাস স্বৰূপে ধাৰ্মিকতাৰ অধীনত সমৰ্পণ কৰক।
যদি খ্ৰীষ্ট আপোনালোকৰ জীৱনত থাকে, তেনেহলে পাপৰ কাৰণে এই শৰীৰ মৰা; কিন্তু ধাৰ্মিকতাৰ বাবে আত্মাই জীৱন।
মোৰ শৰীৰৰ দূৰ্ব্বলতাৰ কাৰণে, মই যে প্ৰথম বাৰ আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিলোঁ, সেই বিষয়ে আপোনালোকে জানে।