অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




লূক 21:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এই দিনবোৰ হ’ল প্রতিশোধৰ দিন; শাস্ত্রৰ বাণী অনুসাৰে সিদ্ধ হবলৈ এইদৰে হ’ব।

অধ্যায়টো চাওক



লূক 21:22
22 পৰস্পৰ সংযোগসমূহ  

কাৰণ এইয়ে যিহোৱাৰ প্ৰতিশোধ লোৱা দিন হ’ব, চিয়োনৰ অৰ্থে পোনৰ প্ৰতিফল দিয়া বছৰ হ’ব।


যিহোৱাৰ অনুগ্ৰহৰ বছৰ আৰু আমাৰ ঈশ্বৰৰ প্ৰতিফল দিয়া দিন ঘোষণা কৰিবলৈ, আটাই শোক কৰা সকলক শান্ত্বনা দিবলৈ, তেওঁ মোক পঠিয়ালে।


কাৰণ প্ৰতিকাৰ সাধিবৰ দিনলৈ মই চালোঁ, আৰু মোৰ মুক্ত কৰিব লগা বছৰ উপস্থিত হৈছিল।


তোমালোকে বাবিলৰ মাজৰ পৰা পলোৱা, আৰু প্ৰতিজনে নিজ নিজ প্ৰাণ ৰক্ষা কৰা, তাৰ দোষত বিনষ্ট নহ’বা; কিয়নো এয়ে যিহোৱাই সধা প্ৰতিকাৰৰ সময়, তেওঁ তাক প্ৰতিফল দিব।


ইস্রায়েলীয়াসকলে ইয়াকে জানিব যে, শাস্তিৰ দিনবোৰ সমাগত, প্রায়শ্চিত্তৰ দিন উপস্থিত হৈছে; তেওঁলোকৰ অনেক অধর্ম আৰু অধিক বিদ্বেষৰ কাৰণে তেওঁলোকে “ভাববাদীক নিৰ্ব্বোধ আৰু ঈশ্বৰৰ আত্মা পোৱা লোকক পগলা বুলি ভাবে।”


বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “কিয়নো চোৱা, সেই দিন আহিছে; সেয়ে অগ্নিশালৰ নিচিনাকৈ জ্বলিব। সেই দিনা সকলো গৰ্ব্বী ও দুষ্টাচাৰী লোক নৰাৰ নিচিনা হ’ব; যি দিন আহি আছে, সেই দিনে তেওঁলোকক পুৰি পেলাব; এডাল শিপা কি ডাল একোকে অৱশিষ্ট নথকাকৈ তেওঁলোকক পুৰি পেলাব।


এই সকলো ঘটিছিল যাতে ভাৱবাদীৰ দ্বাৰাই প্ৰভুৱে এই যি বচন কোৱাইছিল সেয়া পূর্ণ হয়:


কিন্তু আপোনাৰ কঠিনতা আৰু খেদহীন হৃদয়ে, ন্যায়ৱান ঈশ্বৰৰ সোধ-বিচাৰ প্ৰকাশ হোৱা ক্ৰোধৰ সেই দিনলৈ নিজৰ বাবে ক্ৰোধ সাঁচিছে।


এই কথা মই জানো সাঁচি ৰখা নাই? মোৰ ভঁড়ালত জানো মোহৰ মাৰি থোৱা নাই?


হে আকাশ মণ্ডল, আনন্দিত হোৱা, হে সকলো জাতিৰ লোকসকল, তোমালোকে যিহোৱাৰ লোকসকলৰ সৈতে প্রশংসা কৰা, তেওঁৰ আৰাধনা কৰা কিয়নো তেওঁ নিজ সন্তানবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ সাধিব, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিব; তেওঁক ঘিণাওঁতা সকলক প্রতিফল দি নিজৰ লোকসকলৰ অর্থে ভূমি শুচি কৰিব।”


গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে।


একে বাক্যৰ গুণে বৰ্তমান এই কালৰ আকাশমণ্ডল আৰু পৃথিৱী জুইৰ দ্বাৰাই ধ্বংস হবলৈ সংৰক্ষণ হৈছে, এইদৰে ভক্তিহীন মানুহবোৰো বিচাৰ আৰু বিনাশ হোৱাৰ দিনলৈকে ৰক্ষিত হৈ অাছে৷