অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিৰি 11:18 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু যিহোৱাই মোক তাৰ বিষয়ে জ্ঞান দিয়াত মই তাক জানিবলৈ পালোঁ। সেই সময়ত তুমি মোক তেওঁলোকৰ কাৰ্য দেখুৱালা।

অধ্যায়টো চাওক



যিৰি 11:18
8 পৰস্পৰ সংযোগসমূহ  

ইলীচা সেই সময়ত নিজৰ ঘৰত বহি আছিল আৰু তেওঁৰ লগত বৃদ্ধ নেতাসকলো আছিল। ৰজাই এজন মানুহক ইলীচাৰ ওচৰলৈ পঠালে। কিন্তু মানুহজন যেতিয়া ইলীচাৰ ওচৰলৈ আহিছিল, তেওঁ বৃদ্ধ লোকসকলক ক’লে, ‘আপোনালোকে দেখা নাইনে কেনেকৈ সেই নৰবধীৰ পুতেকে মোৰ মূৰ নিবলৈ এজন লোকক পঠাইছে? শুনক, মানুহজন যেতিয়া আহিব, আপোনালোকে দুৱাৰখন বন্ধ কৰি দিব আৰু তেওঁৰ বিৰুদ্ধে দুৱাৰখন বন্ধ কৰি ধৰি ৰাখিব; তেওঁৰ পাছে পাছে জানো তেওঁৰ প্ৰভুৰ ভৰিৰ শব্দও নহয়?


কিন্তু মই, বধ কৰিবলৈ নিয়া মৰমৰ মেৰ-ছাগ পোৱালিৰ দৰে আছিলোঁ; আৰু ‘ফলে সৈতে গছডাল কাটোহঁক’, তেওঁৰ নাম সোঁৱৰণ আৰু নহবৰ কাৰণে আমি জাতিবোৰৰ দেশৰ পৰা তাক উচ্ছন্ন কৰোঁহক বুলি কৈ তেওঁলোকে যে মোৰ বিৰুদ্ধে কু-আলচ পাতিছিল, তাক মই জনা নাছিলোঁ।


যদি তোমালোকক কোনোবাই কিবা কয়, তেনেহলে তোমালোকে কবা, ‘প্ৰভুৰ এই দুটাৰ প্ৰয়োজন আছে, তাতে তেওঁ লগে লগেই তোমাক দি পঠাব’।”


কিন্তু মোৰ মিছাৰ দ্বাৰাই যদি ঈশ্বৰৰ সত্যতা তেওঁৰ মহিমাৰ অৰ্থে উপচি পৰে, তেনেহলে আকৌ পাপী বুলি এতিয়াও মোৰ কিয় সোধ-বিচাৰ কৰা হয়?