যিহো 4:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া তোমালোকে তেওঁলোকক ক’বা যে, ‘যিহোৱাৰ নিয়ম-চন্দুকৰ আগত যৰ্দ্দনৰ পানী ছিগিছিল আৰু নিয়ম-চন্দুক পাৰ হোৱা কালত যৰ্দ্দনৰ পানী ছিগিছিল। সেয়ে ইস্ৰায়েলৰ সন্তান সকলৰ বাবে এই শিলবোৰ সৰ্ব্বদায় সোঁৱৰণৰ চিন হৈ থাকিব’।” |
এই দিন সোঁৱৰণীয় দিন হ’ব; আৰু তোমালোকে এই দিন যিহোৱাৰ বাবে উৎসৱৰ দিন বুলি নিশ্চয়কৈ পালন কৰিবা। এই দিন পালন কৰাটো তোমালোকৰ বাবে এটা বিধান হ’ব, পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে এই দিন তোমালোকে পালন কৰিব লাগিব।
ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণীয় বাখৰ হ’বলৈ, তুমি সেই দুটা বাখৰ এফোদৰ দুয়ো কান্ধত লগাবা। সেয়ে হাৰোণে তেওঁৰ দুয়ো কান্ধত তেওঁলোকৰ নাম সোঁৱৰণৰ অৰ্থে যিহোৱাৰ সাক্ষাতে বহন কৰিব।
তুমি ইস্ৰায়েলী লোকসকলৰ পৰা সেই প্ৰায়শ্চিত্তৰ ধন ল’ব লাগিব, আৰু সেই ধন সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ অৰ্থে দিব লাগিব। তোমালোকৰ প্ৰাণৰ প্ৰায়শ্চিত্তৰ বাবে সেয়ে ইস্ৰায়েলী লোকসকলৰ সোঁৱৰণৰ অৰ্থে যিহোৱাৰ আগত থাকিব।”
যি জনে গৰু বধ কৰে, তেওঁ মানুহ বধ কৰাৰ দৰে; আৰু যি জনে মেৰ-ছাগ পোৱালি বলিদান কৰে, তেওঁ কুকুৰৰ ডিঙি ভঙাৰ দৰে; যি জনে শস্য উৎসৰ্গ কৰে, তেওঁ গাহৰি পোৱালিৰ তেজ উৎসৰ্গ কৰাৰ দৰে আৰু যি জনে স্মৃতিচিহ্ন ধূপ জ্বলায়, তেওঁ দুষ্টতাক আশীৰ্ব্বাদ কৰাৰ দৰে; তেওঁলোকে নিজৰ পথ বাচি ল’লে, আৰু তেওঁলোকে নিজৰ ঘিণলগীয়া কৰ্মত সন্তোষ পায়।
আৰু মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে, ইস্ৰায়েলৰ সন্তান সকলৰ সোঁৱৰণৰ অৰ্থে, অৰ্থাৎ হাৰোণৰ বংশৰ বাহিৰে আন বংশৰ কোনো মানুহ যেন যিহোৱাৰ আগত ধূপ উৎসৰ্গ কৰিবৰ নিমিত্তে ওচৰ নাচাপে আৰু কোৰহৰ ও তাৰ দলৰ দৰে নহয়, এই কাৰণে সেইবোৰ পিতাই যজ্ঞবেদীৰ ঢাকনিৰ অৰ্থে পতা কৰা হ’ল।
পাছত মোৰ মনোনীত লোকৰ লাখুটিত কলি ধৰিব। তাতে ইস্ৰায়েলৰ সন্তান সকলে তোমালোকৰ বিৰুদ্ধে বকা বকনি মোৰ ওচৰৰ পৰা মই দূৰ কৰিম।”
সেই ৰাতিয়েই তেওঁ পিঠা লৈ, ধন্যবাদ কৰি ভাঙি ক’লে, ‘তোমালোকৰ কাৰণে এই মোৰ শৰীৰ যি তোমালোকৰ বাবে ভঙা হব; মোক সুঁৱৰিবৰ অৰ্থে, তোমালোকে ইয়াকে কৰিবা’।
মিচৰ দেশৰ পৰা ওলাই অহাৰ দিন ধৰি জীয়াই থাকে মানে সোঁৱৰণ কৰিবৰ কাৰণে, আপোনালোকে তাৰে সৈতে খমিৰ দিয়া পিঠা নাখাব। সাত দিন তাৰে সৈতে, খমীৰ নিদিয়া পিঠা ভোজন কৰিব; কিয়নো আপোনালোকে লৰালৰিকৈ মিচৰ দেশৰ পৰা ওলাই আহিছিল।
সেয়ে তোমালোকৰ মাজত চিন হ’ব অৰ্থাৎ যেতিয়া তোমালোকৰ সন্তান সকলে শিলবোৰৰ বিষয়ে ‘তোমালোকে কি বুজা বুলি সুধিব?’