এইদৰে যেহূৱে যিজ্ৰিয়েলত থকা আহাবৰ বংশৰ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁৰ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁৰ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল।
যিহো 10:30 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাতে যিহোৱাই লিব্নাৰ লগতে তাৰ ৰজাক ইস্ৰায়েলৰ হাতত দিলে৷ যিহোচূৱাই তাত থকা প্ৰত্যেক জীৱন্ত প্ৰাণী আৰু তাৰ ভিতৰত থকা সকলো মানুহক আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে৷ তেওঁ তাৰ মাজত কোনো প্ৰাণীক জীৱিত নাৰাখিলে৷ যিৰীহোৰ ৰজালৈ যেনে কৰিছিল, তাৰ ৰজালৈকো তেওঁ তেনে কৰিলে। |
এইদৰে যেহূৱে যিজ্ৰিয়েলত থকা আহাবৰ বংশৰ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁৰ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁৰ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল।
আৰু তেওঁৰ আগত যেতিয়ালৈ দেশ বশীভূত নহয়। তাৰ পাছত তোমালোক উভটি আহিব পাৰিবা। যিহোৱাৰ দৃষ্টিত আৰু ইস্ৰায়েলৰ দৃষ্টিত তোমালোক নিৰ্দ্দোষী হ’বা, আৰু যিহোৱাৰ সাক্ষাতে এই দেশ তোমালোকৰ উত্তৰাধীকাৰ হ’ব।
আমাৰ ঈশ্বৰ যিহোৱাই তেওঁক আমাৰ হাতত শোধাই দিলে; তাতে আমি তেওঁক, তেওঁৰ পুত্রসকলক আৰু তেওঁৰ লোকসকলকো আঘাত কৰি পৰাস্ত কৰিছিলোঁ।
তেওঁ যেতিয়া যুদ্ধত তেওঁলোকক আপোনালোকৰ হাতত আনি দিব আৰু আপোনালোকক বিজয়ী কৰিব, তেতিয়া আপোনালোকে তেওঁলোকক সমূলে ধ্বংস কৰি পেলাব। তেওঁলোকৰ সৈতে কোনো সন্ধি নকৰিব আৰু তেওঁলোকক দয়া নেদেখুৱাব;
এইদৰে যিহোচূৱাই সেই দিনাই মক্কেদা দখল কৰি ল’লে আৰু তৰোৱালৰ ধাৰেৰে সেই ঠাইৰ ৰজা আদি কৰি সকলোকে আঘাত কৰি সকলো মানুহক নিঃশেষে বিনষ্ট কৰিলে আৰু কাকো অৱশিষ্ট নাৰাখিলে৷ তেওঁ যিৰীহোৰ ৰজালৈ যেনে কৰিছিল, মক্কেদাৰ ৰজালৈকো তেনে কৰিলে।
তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ মক্কেদাৰ পৰা লিব্নালৈ গ’ল, আৰু লিব্নাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ লিব্নাৰ পৰা লাখীচলৈ গ’ল৷ তেওঁ তাৰ কাষতে ছাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
যিহোচূৱাই সেই ৰজাসকলৰ গোটেই নগৰ দখল কৰিলে৷ তেওঁ আনকি তেওঁলোকৰ সকলো ৰজাক আটক কৰিলে আৰু আক্ৰমণ কৰি তৰোৱালেৰে বধ কৰিলে৷ যিহোৱাৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকক তৰোৱালেৰে বধ কৰি নিঃশেষে বিনষ্ট কৰিলে।
যেতিয়া ইস্ৰায়েলী লোকসকলে নগৰৰ বাহিৰৰ মৰুভূমিত তেওঁলোকৰ পাছে পাছে খেদি অহা সকলো অয়-নিবাসীকে বধ কৰি উঠিল, তেতিয়া অয়-নিবাসী সেই লোকসকল নিঃশেষে পতিত হ’ল আৰু তাৰ পাছত তেওঁলোক অয় লৈ উভতি আহি তাত থকা লোকসকলকো তৰোৱালেৰে বধ কৰিলে৷
পাছত তেওঁ অয়ৰ ৰজাক সন্ধিয়ালৈকে গছত ওলোমাই ৰাখিলে৷ আৰু সূৰ্য মাৰ যোৱা সময়ত, যিহোচূৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে গছৰ পৰা শৱটো নমাই নগৰৰ দুৱাৰমুখত পেলালে আৰু তাৰ ওপৰত শিলৰ এক ডাঙৰ দ’ম কৰিলে; সেই দ’ম আজিলৈকে আছে।