অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




যিহি 41:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু পৃথক কৰা ঠাইৰ সন্মুখত পশ্চিমফালে থকা ঘৰ সত্তৰ হাত বহল; আৰু ঘৰৰ দেৱালৰ ডাঠ চাৰিওফালে পাঁচ হাত আৰু তাৰ দৈৰ্ঘ্য নব্বৈ হাত।

অধ্যায়টো চাওক



যিহি 41:12
6 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত সেই মানুহে মোক উত্তৰ ফালৰ বাটেদি বাহিৰ চোতালখনলৈ নি আৰু পৃথক কৰা ঠাইৰ সন্মূখত আৰু উত্তৰ ফালৰ ঘৰটোৰ সন্মুখত থকা কোঁঠালিবোৰলৈ নিলে।


চোতালখনৰ গড়ৰ বহলফালে পূৱদিশে পৃথক কৰা ঠাইৰ আৰু ঘৰটোৰ আগত কোঁঠালিবোৰ আছিল।


তেতিয়া তেওঁ মোক ক’লে, “পৃথক কৰা ঠাইৰ সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঁঠালিবোৰ পবিত্ৰ কোঁঠালি; যিহোৱাৰ ওচৰত থকা পুৰোহিতসকলে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে; তাত তেওঁলোকে অতি পবিত্ৰ বস্তুবোৰ, ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি থয়; কিয়নো সেই ঠাই পবিত্ৰ।


আৰু কোনো অশুচি বস্তু তাৰ ভিতৰত প্ৰৱেশ নকৰিব৷ সেয়েহে তাতে ঘিণলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও প্ৰৱেশ নকৰিব, কিন্তু কেৱল যি সকলৰ নাম সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত লিখা আছে, তেওঁলোকেহে ভিতৰত প্ৰৱেশ কৰিব৷