পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল।
যিহি 28:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমাত অন্যায় পোৱা নোযোৱালৈকে তুমি সৃষ্ট হোৱা দিনৰ পৰাই তোমাৰ আচাৰ-ব্যৱহাৰত সিদ্ধ আছিলা। |
পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল।
কেৱল ইয়াকেহে মই জানিব পাতিলোঁ যে, ঈশ্বৰে মানুহক সৰল কৰি স্ৰজন কৰিছিল, কিন্তু মানুহ নানা যুক্তিৰ আলম লৈ অবাটে গ’ল।
তুমি আকাশ মণ্ডল, নক্ষত্র, আৰু প্ৰভাতীয় তৰাৰ পৰা কেনেকৈ পৰিলা! দেশবোৰক জয় কৰা জন যি তুমি বিছিন্ন হৈ মাটিত কেনেকৈ পৰিলা!
“হে মনুষ্য সন্তান, তুমি তূৰৰ ৰজাৰ বিষয়ে বিলাপ কৰা আৰু তেওঁক কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি সৰ্ব্ব গুণৰ সমষ্টি, পূৰ্ণজ্ঞানী আৰু পৰমসুন্দৰ আছিলা!
পুৰ্বতে বিধান অবিহনে মই জীয়াই আছিলোঁ, কিন্তু পাছত সেই আজ্ঞা অহাত, পাপ পুনৰায় জীয়াই উঠিল আৰু মই মৰিলোঁ।
স্বর্গৰ দূত সকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল; বৰং বিচাৰৰ দিন পর্যন্ত অন্ধকূপৰ বন্ধনত ৰক্ষিত হবলৈ তেওঁ সেই সকলক নৰকত পেলাই দিলে।