পাছত ইষ্টেৰে পুনৰ ৰজাৰ লগত কথা পাতিলে। তেওঁ ৰজাৰ চৰণত পৰি ক্রন্দন কৰিলে; আৰু অগাগীয়া হামনে কৰিব খোজা অমঙ্গল, যিহুদী লোক সকলৰ বিৰুদ্ধে তেওঁ কৰা কল্পনা নিবাৰণ কৰিবৰ অৰ্থে তেওঁৰ আগত মিনতি কৰিলে।
যিহি 11:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ঈশ্ৱৰে মোক ক’লে, “হে মনুষ্য সন্তান, এইসকল লোকেই এই নগৰখনত অতিশয় অনৈতিক আচৰণ কৰোঁতা আৰু কু-মন্ত্ৰণা দিওঁতা। |
পাছত ইষ্টেৰে পুনৰ ৰজাৰ লগত কথা পাতিলে। তেওঁ ৰজাৰ চৰণত পৰি ক্রন্দন কৰিলে; আৰু অগাগীয়া হামনে কৰিব খোজা অমঙ্গল, যিহুদী লোক সকলৰ বিৰুদ্ধে তেওঁ কৰা কল্পনা নিবাৰণ কৰিবৰ অৰ্থে তেওঁৰ আগত মিনতি কৰিলে।
তেওঁলোকে নিজৰ শয্যাত দুষ্টতাৰ পৰিকল্পনা কৰে; অন্যায় পথত চলিবলৈ স্থিৰ কৰে আৰু দুষ্ট কার্যক ঘিণ নকৰে।
“হে সন্তাপ পোৱা বিদ্রোহী সন্তান” এইয়া যিহোৱাৰ ঘোষনা। তেওঁলোকে মোৰ নির্দেশ নমনাকৈ পৰিকল্পনা কৰে, আৰু আন দেশৰ সৈতে সন্ধি কৰে, কিন্তু মোৰ আত্মাৰ দ্বাৰাই তেওঁলোক পৰিচালিত নহয়, সেয়ে তেওঁলোকে পাপৰ উপৰি পাপ কৰে।
কোনেও ধাৰ্মিকতাৰে গোচৰ নকৰে, আৰু কোনেও সত্যতাৰে প্ৰতিবাদ নকৰে; তেওঁলোকে অসাৰ কথাত ভাৰসা কৰে, আৰু মিছা কথা কয়, তেওঁলোকে সমস্যা গৰ্ভধাৰণ কৰি অধৰ্ম প্ৰসৱ কৰে।
তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
মই ডাঙৰীয়াসকলৰ ওচৰলৈ গৈ তেওঁলোকৰ আগত কথা কম; কিয়নো তেওঁলোকে ক’লে, যিহোৱাৰ পথ আৰু তেওঁলোকৰ ঈশ্বৰৰ শাসন জানে, কিন্তু তেওঁলোকে এক মত হৈ যুৱলি ভাঙিলে আৰু যোঁত-জৰী চিঙি পেলালে।
আপদৰ ওপৰি আপদ হ’ব, আৰু জনৰৱৰ উপৰি জনৰৱ হ’ব! সেই কালত তেওঁলোকে ভাববাদীৰ দৰ্শন বিচাৰিব, কিন্তু পুৰোহিত আৰু পৰিচাৰকসকলৰ পৰা ব্যৱস্থাৰ পৰা মন্ত্ৰণা লোপ পাব।