যিচ 46:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমালোকে মোক কাৰ সৈতে তুলনা কৰিবা? আৰু মই কাৰ সাদৃশ,সেয়ে জানো আমাক তুলনা কৰিব পাৰিব? |
হে প্ৰভু, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোনো নাই; তোমাৰ কাৰ্যৰ লগত কোনো কাৰ্যৰ তুলনা নহয়।
আকাশমণ্ডলৰ মাজত এনে কি আছে যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি? স্বর্গৰ দূতবোৰৰ মাজত যিহোৱাৰ তুল্য কোন আছে?
হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।
হে যিহোৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন? পবিত্ৰতাত আপোনাৰ দৰে মহিমান্বিত কোন? প্ৰশংসাত গৌৰৱাম্বিত, আচৰিত কৰ্ম কৰোঁতা কোন?
যাকোবৰ অংশ সেইবোৰৰ দৰে নহয়; কাৰণ তেওঁ সকলোৰে নিৰ্মাণকৰ্ত্তা। আৰু ইস্ৰায়েল তেওঁৰ আধিপত্যৰ ফৈদ; বাহিনীসকলৰ যিহোৱা তেওঁৰ নাম।
সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত ঈশ্বৰৰ মহিমাৰ সোঁ হাতে ওখ সিংহাসনত বহিল।
তাতে সকলোৱে সেই ড্ৰেগনকো প্ৰণিপাত কৰিলে, কিয়নো সি পশুক নিজৰ ক্ষমতা দিলে, আৰু তেওঁলোকে পশুকো প্ৰণিপাত কৰি ক’লে, “এই পশুৰ তুল্য কোন আছে, আৰু ইয়াৰে সৈতে কোনে যুদ্ধ কৰিব পাৰে?”