যাত্ৰা 39:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতাৰে, পবিত্ৰ স্থানত পৰিচৰ্যা কৰিবৰ বাবে নিপুণৰূপে বোৱা মিহি বস্ত্ৰ, আৰু হাৰোণৰ বাবে পবিত্ৰ বস্ত্ৰ যুগুত কৰিলে। |
তুমি দহখন পৰ্দাৰে আবাস যুগুত কৰিবা; সেই পৰ্দাৰ কাপোৰ কেইখন পকোৱা মিহি শণ সূতা, আৰু নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতাৰে নিপুণ শিল্পকাৰৰ দ্বাৰাই কৰূবৰ নক্সাৰে তৈয়াৰ কৰিবা।
শিল্পকাৰে সোণালী, নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতা ব্যৱহাৰ কৰিব লাগিব।
এই সকলো বোৱা বস্ত্রৰ লগত সংযুক্ত কৰা হৈছিল। পুৰোহিতৰ পৰিচৰ্যাৰ বাবে পুৰোহিত হাৰোণ আৰু তেওঁৰ পুত্ৰসকল বাবে এই সকলো পবিত্ৰ বস্ত্ৰ।
তেওঁলোকে পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবৰ বাবে বোৱা মিহি বস্ত্ৰ, পুৰোহিতৰ কৰ্ম কৰিবলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ আনিব।”
যিসকল লোকৰ নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতা, ছাগলীৰ নোম, ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, আৰু তহচ জন্তুৰ ছাল আছিল, তেওঁলোকে প্ৰতিজনে সেইবোৰ আনিলে।
চোতালৰ বাবে চুঙী, চোতালৰ প্রবেশ দুৱাৰৰ বাবে চুঙী, আবাসৰ বাবে সকলো খুঁটা, আৰু চোতালৰ বাবে সকলো খুঁটা গঢ়ালে।
পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ নিপুণৰূপে প্রস্তুত কৰা মিহি বস্ত্ৰ, আৰু পুৰোহিত কৰ্ম কৰিবলৈ হাৰোণ পুৰোহিতৰ পবিত্ৰ বস্ত্ৰ, আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ।
যেতিয়া পুৰোহিতসকল পবিত্ৰ স্থানত সোমায়, তেতিয়া তেওঁলোকে তেওঁলোকৰ পৰিচৰ্যা বস্ত্ৰ তাত নৰখাকৈ তাৰ পৰা বাহিৰ চোতালখনলৈ নাযায়; কিয়নো সেইবোৰ পবিত্ৰ; তেওঁলোকে আন বস্ত্ৰ পিন্ধি লোকসকলৰ ঠাইলৈ যায়।”
এয়ে গৃহটিৰ ব্যৱস্থা, পৰ্ব্বতখনৰ টিঙত তাৰ সমুদায় সীমা চাৰিওফালে পবিত্ৰ হ’ব। চোৱা! গৃহটিৰ ব্যৱস্থা এয়ে।
ছাগলীৰ আৰু দামুৰিৰ তেজৰ গুণে নহয়, কিন্তু তেওঁ নিজৰ তেজৰ গুণে খ্ৰীষ্ট একেবাৰতে সকলোৰে কাৰণে অতি পবিত্ৰ স্থানত সোমাই আমাৰ বাবে অনন্তকাল স্থায়ী মুক্তি উপাৰ্জ্জন কৰিলে।
কিন্তু মহা-পুৰোহিতে যেনেকৈ পৰৰ তেজ লৈ বছৰে বছেৰে পবিত্ৰ স্থানত সোমায়, তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উৎসৰ্গ কৰিবলৈ যে সোমাল, এনে নহয়;