তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা, যি তললৈ দাঢ়িলৈকৈ নামি আহে, হাৰোণৰেই দাঢ়িৰ ওপৰেদি নামি গৈ তেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল!
যাত্ৰা 29:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তুমি বেদীৰ ওপৰত থকা তেজ, আৰু অভিষেক কৰা তেলৰ কিছু অংশ লৈ, হাৰোণৰ ওপৰত, তেওঁৰ বস্ত্ৰৰ ওপৰত, তেওঁৰ পুত্ৰসকলৰ ওপৰত আৰু তেওঁলোকৰ বস্ত্ৰৰ ওপৰতো ছটিয়াই দিবা। এইদৰে তেওঁ, তেওঁৰ বস্ত্ৰ, তেওঁৰ পুত্ৰ আৰু তেওঁলোকৰ বস্ত্ৰ পবিত্ৰীকৃত হ’ব। |
তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা, যি তললৈ দাঢ়িলৈকৈ নামি আহে, হাৰোণৰেই দাঢ়িৰ ওপৰেদি নামি গৈ তেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল!
মোৰ পৰিচৰ্যাৰ বাবে পুৰোতহিৰ কাৰ্য কৰিবলৈ, এতিয়া তুমি তেওঁলোকক পবিত্ৰ কৰিবৰ বাবে এই কাৰ্য কৰিবা; এটা নিৰ্ঘূণী দমৰা আৰু দুটা নিঘূণী মতা মেৰ-ছাগ ল’বা।
তুমি সেই মেৰ-ছাগ বধ কৰিবা আৰু তাৰ অলপমান তেজ লৈ, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ সোঁ কাণৰ অগ্রভাগত, তেওঁলোকৰ সোঁ হাতৰ বুঢ়া আঙুলি, আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিত লগাবা। তেজৰ বাকী থকা অংশ বেদীৰ ওপৰৰ চাৰিওফালে ছটিয়াই দিবা।
তুমি মেৰ-ছাগটোৰ চৰ্বি, নেগুৰৰ চৰ্বি, ভিতৰৰ অংশত থকা চৰ্বি, কলিজাৰ ওপৰত থকা চৰ্বি, ঘিলা দুটা আৰু তাৰ ওপৰত থকা চৰ্বি, আৰু পাছফালৰ সোঁ কৰঙন ল’বা; কাৰণ সেয়ে মোৰ বাবে পুৰোহিতক পবিত্রকৃত কৰিবৰ বাবে লোৱা মেৰ-ছাগ।
আৰু শুচি হ’বলগীয়া লোক জনক যিহোৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিবলৈ, পুৰোহিতে নিজৰ হাতত থকা অৱশিষ্ট তেল খিনি তেওঁৰ মূৰত দিব।
যিদিনা তেওঁ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক যিহোৱাৰ পুৰোহিত কৰ্মৰ বাবে উপস্থিত কৰিলে, সেই দিনা যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা সেইয়াই তেওঁলোকে পাবলগীয়া ভাগ।
হাৰোণে এইটো কটাৰ পাছত, মোচিয়ে ইয়াৰ অলপ তেজলৈ, হাৰোণৰ সোঁ কাণত, মূৰত, সোঁ হাতৰ বুঢ়া আঙুলিত আৰু সোঁ ভৰিৰ বুঢ়া আঙুলিটোত লগাই দিলে।
পাছত মোচিয়ে অভিষেকাৰ্থক তেলৰ পৰা আৰু বেদীৰ ওপৰত থকা তেজৰো পৰা কিছু লৈ, হাৰোণৰ ওপৰত আৰু তেওঁৰ বস্ত্ৰৰ ওপৰত, তেওঁৰে সৈতে তেওঁৰ পুত্ৰসকলৰ ওপৰত আৰু তেওঁলোকৰ বস্ত্ৰৰ ওপৰতো ছটিয়াই দি, হাৰোণক আৰু তেওঁৰ বস্ত্ৰবোৰ আৰু তেওঁৰে সৈতে তেওঁ পুত্ৰসকলক আৰু তেওঁলোকৰ বস্ত্ৰবোৰ পবিত্ৰ কৰিলে।
তেনেহলে ঈশ্বৰৰ পুত্ৰক যি জনে ভৰিৰ তলত গছকে, আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰীকৃত হৈছিল, সেই তেজক যি জনে অশুচি কৰে, আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে, সেই জন আপোনালোকৰ বিবেচনা অনুসৰি, তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ দণ্ডৰ যোগ্য-পাত্ৰ বুলি গণিত হ’ব!