নিৰ্মল সোণৰ বাটি, কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা, এঙাৰ-ধৰা, আৰু অন্তঃস্থানৰ অৰ্থাৎ মহা-পবিত্ৰ স্থানৰ দুৱাৰৰ কাৰণে আৰু মন্দিৰত প্ৰৱেশ কৰা দুৱাৰ এই আটাইবোৰকে সোণেৰে নির্মাণ কৰাইছিল।
যাত্ৰা 25:38 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এঙাৰ ধৰা চেপেনা আৰু ট্রে শুদ্ধ সোণৰ হ’ব লাগিব। |
নিৰ্মল সোণৰ বাটি, কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা, এঙাৰ-ধৰা, আৰু অন্তঃস্থানৰ অৰ্থাৎ মহা-পবিত্ৰ স্থানৰ দুৱাৰৰ কাৰণে আৰু মন্দিৰত প্ৰৱেশ কৰা দুৱাৰ এই আটাইবোৰকে সোণেৰে নির্মাণ কৰাইছিল।
যিহোৱাৰ গৃহলৈ যি ধন অনা হৈছিল, সেই ধনেৰে ৰূপৰ পিয়লা, শলিতা পৰিস্কাৰ কৰা চেপেনা, চৰিয়া, শিঙা বা যিহোৱাৰ গৃহৰ সোণ ৰূপৰ আন কোনো পাত্ৰ তৈয়াৰ কৰা নাছিল।
তাৰ বাহিৰেও সকলো পিয়লা, হেতা, চাকিৰ শলিতা পৰিস্কাৰ কৰা চেপেনা, চামুচ আৰু মন্দিৰৰ পৰিচৰ্যা কামৰ বাবে ব্যৱহাৰ কৰা পিতলৰ আন-আন সকলো বস্তুও লৈ গ’ল।
তুমি দীপাধাৰ আৰু ইয়াৰ সাতটা প্ৰদীপ সাজিবা। প্রদীপৰ পৰা পোহৰ ওলাবলৈ প্ৰদীপবোৰ দীপাধাৰত লগাবা।
দীপাধাৰ আৰু দীপাধাৰৰ বাবে ব্যৱহাৰ কৰা সকলো বস্তু সাজিবলৈ এক কিক্কৰ শুদ্ধ সোণ ব্যৱহাৰ কৰিবা।
তাৰ পাছত সেই চিৰাফসকলৰ মাজৰ এজনে যজ্ঞবেদিৰ পৰা চেপেনাৰে এটুকুৰা জ্বলি থকা আঙঠা হাতত লৈ মোৰ ওচৰলৈ উড়ি আহিল।
আৰু ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেতা, কটাৰী, তেজ পেলোৱা পাত্ৰ, পিয়লা আদি কৰি পৰিচৰ্যা কৰ্ম কৰা পিতলৰ আটাই বস্তু সিহঁতে লৈ গ’ল।
আৰু এখন নীল বৰণীয়া কাপোৰ লৈ, দীপাধাৰ, তাৰ প্ৰদীপ, শলাকানি-কটা, এঙেৰুৱা ধৰা আৰু তাৰ পৰিচৰ্যা কৰা গোটেই তেলৰ পাত্ৰ ঢাকিব।