আপুনি চীনয় পৰ্ব্বতলৈ নামি আহিছিল আৰু তেওঁলোকৰ সৈতে স্ৱৰ্গৰ পৰাও কথা পাতিছিল। তেওঁলোকক নৈতিকতাপূৰ্ণ শাসন প্ৰণালী, সত্য ন্যায় ব্যৱস্থা, উত্তম বিধি আৰু আজ্ঞাবোৰ দিছিল।
যাত্ৰা 16:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মোচিয়ে তেওঁলোকক ক’লে, “যিহোৱাই যে কৈছিল সেয়া এই, ‘কাইলৈ সম্পূৰ্ণ বিশ্ৰাম-দিন, যিহোৱাৰ গৌৰৱৰ উদ্দেশ্যে পবিত্ৰ বিশ্ৰাম-দিন। তোমালোকে যি ভাজিব খোজা, আৰু যি সিজাব খোজে সিজাবা। নিজৰ বাবে ৰাতি পুৱালৈকে তাৰ অৱশিষ্ট অংশ থৈ দিবা’।” |
আপুনি চীনয় পৰ্ব্বতলৈ নামি আহিছিল আৰু তেওঁলোকৰ সৈতে স্ৱৰ্গৰ পৰাও কথা পাতিছিল। তেওঁলোকক নৈতিকতাপূৰ্ণ শাসন প্ৰণালী, সত্য ন্যায় ব্যৱস্থা, উত্তম বিধি আৰু আজ্ঞাবোৰ দিছিল।
আপোনাৰ পবিত্ৰ বিশ্ৰাম-বাৰ তেওঁলোকক জনালে, আৰু আপোনাৰ দাস মোচিৰ দ্বাৰাই তেওঁলোকক আজ্ঞা, বিধি, আৰু নিয়ম প্রণালীবোৰ দিলে।
তোমালোকে ছয় দিন নিজৰ কাম কৰিবা, কিন্তু সপ্তম দিনা বিশ্রাম কৰিবা। এইদৰে কৰিবা; যাতে তোমালোকৰ গৰু, গাধ, তোমালোকৰ দাসীৰ পুত্র আৰু যিকোনো বিদেশী লোকে বিশ্রাম ল’ব পাৰিব আৰু সতেজতা লাভ কৰিব।
ছয়দিন কাম কৰিব লাগিব, কিন্তু সপ্তম দিন সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ দিন; সেই বিশ্ৰাম দিনত যি কোনোৱে কাম কৰিব, তাৰ অৱশ্যেই প্ৰাণদণ্ড হ’ব।
আৰু বিশ্ৰাম-বাৰে নিজ নিজ ঘৰৰ পৰা কোনো বোজা বাহিৰ নকৰিবা, আৰু কোনো কাম নকৰিবা; কিন্তু মই তোমালোকৰ পূৰ্বপুৰুষসকলক আজ্ঞা দিয়াৰ দৰে বিশ্ৰাম-বাৰ পবিত্ৰ কৰা।
ছদিনৰ কাম কৰা যাব; কিন্তু সপ্তমদিন বিশ্ৰাম-দিন, অৰ্থাৎ সম্পূৰ্ণ বিশ্ৰামৰ, সেই দিনা পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা; সেয়ে তোমালোক থকা সকলো ঠাইতে যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন হ’ব।
লোকসকলে ইফালে সিফালে ফুৰি তাক চপায় আৰু জাঁতত পিহি বা খপবলি খুন্দি গুড়ি কৰি টৌত সিজায় আৰু তাৰ দ্বাৰাই পিঠা বনায়; তাৰ আস্বাদ তেলেৰে যুগুত কৰা সুস্বাদু আহাৰৰ আস্বাদৰ নিচিনা আছিল।
পাছত উলটি আহি, সুগন্ধি দ্ৰব্য আৰু তেল যুগুত কৰিলে। পাছত তেওঁলোকে বিধানৰ দৰে বিশ্ৰামবাৰে জিৰণি ল’লে।