পাছত মৰুপ্রান্তৰৰ মাজত এটা জলৰ ভুমুকৰ কাষত যিহোৱাৰ দূতে হাগাৰক দেখা পালে। এই ভুমুকতো চূৰলৈ যোৱাৰ পথত আছিল।
যাত্ৰা 15:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত মোচিয়ে ইস্ৰায়েলী লোকসকলক চূফ সাগৰৰ তীৰৰ পৰা যাত্ৰা কৰিবলৈ দিলে, তেওঁলোকে চূৰ মৰুভূমিৰ মাজেৰে যাত্রা কৰি গ’ল। তেওঁলোকে সেই মৰুভূমিৰ মাজেৰে তিনি দিনৰ বাট গ’ল, আৰু সেই ঠাইত পানী বিচাৰি নাপালে। |
পাছত মৰুপ্রান্তৰৰ মাজত এটা জলৰ ভুমুকৰ কাষত যিহোৱাৰ দূতে হাগাৰক দেখা পালে। এই ভুমুকতো চূৰলৈ যোৱাৰ পথত আছিল।
অব্ৰাহামে পূর্বৰ ঠাই এৰি নেগেভ দেশৰ ফালে গ’ল। তাত তেওঁ কাদেচ আৰু চূৰৰ মাজৰ এঠাইত থাকিবলৈ ল’লে; সেই গৰাৰ নগৰত তেওঁ প্ৰবাসী আছিল।
হবীলাৰ পৰা চূৰ পর্যন্ত যি ঠাই আছিল, তেওঁৰ বংশৰ লোকসকলে তাতে বাস কৰিছিল। এই ঠাইখিনি আছিল মিচৰ দেশৰ কাষত অচুৰলৈ যোৱাৰ পথত। এইদৰে তেওঁলোকে নিজৰ শত্রুসকলৰ ওচৰত বসতি কৰিবলৈ ঠাই পালে।
যি জনাই মৰুভূমিৰ মাজেদি নিজৰ লোকসকলক চলাই নিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
তাৰ পাছত তেওঁ নিজৰ লোকসকলক মেৰ-ছাগৰ দৰে বাহিৰ কৰি আনিলে আৰু মৰুভূমিৰ মাজেদি মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক চলালে।
তেওঁ তেওঁলোকক নিৰাপদে, কোনো ভয় নথকাকৈ চলাই আনিলে; কিন্তু সাগৰে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে।
তাৰ পাছত ইস্ৰায়েলৰ গোটেই সমাজে যিহোৱাৰ নিৰ্দেশ অনুসাৰে চীন মৰুভূমিৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ৰফীদীমত তম্বু তৰিলে; কিন্তু সেই ঠাইত লোকসকলৰ খাবলৈ পানী নাছিল।
তেতিয়া তেওঁলোকে তোমাৰ কথা শুনিব। তাৰ পাছত তুমি আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে মিচৰৰ ৰজাৰ ওচৰলৈ গৈ, তেওঁক নিশ্চয়কৈ ক’বা যে, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱা আমাৰ আগত সাক্ষাৎ হ’ল। সেয়ে আমি তিনি দিন মৰুভূমিৰ মাজেৰে গৈ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বলিদান কৰিবৰ অৰ্থে আমাক যাবলৈ দিয়ক।’
তেতিয়া পী-হহীৰোতৰ সন্মুখৰ পৰা যাত্ৰা কৰি, সমুদ্ৰৰ মাজেদি গৈ মৰুভূমিত সোমাল আৰু এথন অৰণ্যত তিন দিনৰ বাট যাত্ৰা কৰি, মাৰাত ছাউনি পাতিলে।
সেই সময়ত দায়ুদ আৰু তেওঁৰ লোকসকলে গৈ, গচুৰীয়া, গিৰ্জীয়া, আৰু অমালেকীয়া লোকসকলক আক্ৰমণ কৰিবলৈ গৈছিল; কিয়নো এই লোকসকলে অতীতত চূৰৰ পৰা মিচৰ দেশলৈকে বাস কৰি আছিল।