কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।
যাকোব 2:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ঠিক সেইদৰে বিশ্বাসৰ লগত যদি কৰ্ম নাথাকে, তেনেহলে সি অকলে মৰা। |
কিন্তু এতিয়া তিনিটা বিষয় আছে: বিশ্বাস, আশা, প্ৰেম, কিন্তু এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।
আৰু দৰিদ্ৰক খুৱাবলৈ যদি মোৰ সৰ্ব্বস্ব ব্যয় কৰোঁ আৰু পুৰি ভস্ম হ’বলৈ মোৰ শৰীৰকো শোধাই দিওঁ, তথাপি মোৰ প্ৰেম নাথাকিলে, তাত মোৰ একো লাভ নাই।
কিয়নো খ্ৰীষ্ট যীচুত চুন্নৎ আৰু অচুন্নতৰ একো সাৰ্থকতা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্য সাধন কৰে।
আপোনালোকৰ বিশ্বাসৰ কাৰ্য, প্ৰেমৰ পৰিশ্ৰম আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টত যি আশা আছে, সেই আশাক দৃঢ়ভাবে আৰু সহনশীলতাৰে যে আপোনালোকে ধৰি ৰাখিছে, সেয়েহে এইবোৰ বিষয় সোঁৱৰণ কৰি নিৰন্তৰে আমি পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ।
এই আদেশৰ উদ্দেশ্য হৈছে প্ৰেম; যি প্ৰেম নিৰ্মল চিত্ত, সৎ বিবেক আৰু অকপট বিশ্বাসৰ পৰা হয়৷
হে মোৰ ভাইসকল, কোনোবাই যদি কয় যে, তেওঁৰ বিশ্বাস আছে, কিন্তু যদি কৰ্ম নাথাকে তেনেহলে কি লাভ? সেই বিশ্বাসে তেওঁক পৰিত্ৰাণ দিব পাৰিব নে?