চোৱা, যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ পূর্বেই মই তোমালোকৰ ওচৰলৈ এলিয়া ভাববাদীক পঠাম।
মাৰ্ক 8:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া তেওঁলোকে ক’লে- “কিছুমানে ‘যোহন বাপ্তাইজক’; কিছুমানে ‘এলিয়া’; আৰু আন কিছুমানে ভাববাদী সকলৰ মাজৰ এজন বুলি কয়।” |
চোৱা, যিহোৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ পূর্বেই মই তোমালোকৰ ওচৰলৈ এলিয়া ভাববাদীক পঠাম।
তেওঁ নিজৰ দাস সকলক ক’লে, “এই লোক জন নিশ্চয় যোহন বাপ্তাইজক; তেওঁ মৃত সকলৰ মাজৰ পৰা উঠিল আৰু সেই বাবে এই সকলো পৰাক্ৰম কাৰ্য সাধন কৰিছে।
তেওঁলোকে ক’লে, “কোনো কোনোৱে কয় বাপ্তিস্ম দিওঁতা যোহন; কোনোৱে এলিয়া, আন কোনোৱে যিৰিমিয়া বা ভাৱবাদী সকলৰ এজন বুলি কয়৷”
তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “তেনেহলে কোন? আপুনি এলিয়া নেকি?” তেওঁ ক’লে, “নহয়, মই নহওঁ;” তেওঁলোকে ক’লে, “তেনেহলে আপুনি সেই ভাৱবাদী নেকি?” তেওঁ উত্তৰ দিলে, “নহওঁ।”