মাৰ্ক 5:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া সেই তিৰোতাই নিজলৈ যি ঘটিল, সেই বিষয়ে জানিব পোৱাত, ভয়েৰে কঁপি কঁপি আহি তেওঁৰ আগত পৰিল আৰু সকলো সত্য কথা ক’লে৷ |
হে ঈশ্বৰলৈ ভয় ৰাখোঁতাসকল, আহাঁ, শুনা; তেওঁ মোৰ প্ৰাণৰ কাৰণে যি কৰিলে, মই তাক ঘোষণা কৰোঁ।
তাতে তেওঁলোকে ভয়ত অতিশয় আতুৰ হৈ ইজনে সিজনে কোৱা-মেলা কৰি কলে, “বতাহ আৰু সাগৰেও যে এওঁৰ কথা মানে, এওঁ নো কোন?”
তাতে যীচুৱে তেওঁক ক’লে, “আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে; শান্তিৰে যোৱা আৰু সুস্থ থাকি তোমাৰ সেই ব্যাধিৰ পৰা মুক্ত হোৱা।”
তাতে সেই তিৰোতা জনীয়ে দেখিলে যে, তেওঁলৈ ঘটি যোৱা ঘটনাটো কোনো কাৰণত গুপুত কৰি ৰাখিব নোৱাৰিব৷ তেতিয়া তেওঁ কঁপি কঁপি আহি যীচুৰ সন্মুখত উবুৰি হৈ পৰিল আৰু কিয় তেওঁক চুইছিল আৰু কেনেকৈ মুহুর্ওতে সুস্থ হ’ল; সেই বিষয়ে সকলোৰ আগত ক’লে।