অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




মাৰ্ক 4:37 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত বৰ ধুমুহা বতাহ ব’লাত, ঢৌৰ কোবত নাও খন পানীৰে পূৰ হবলৈ ধৰিলে।

অধ্যায়টো চাওক



মাৰ্ক 4:37
11 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যিহোৱাই চয়তানক ক’লে, “চোৱা, তেওঁৰ সৰ্ব্বস্বৰ ওপৰত তোমাৰ ক্ষমতা আছে; কেৱল তেওঁৰ ওপৰতহে হাত নিদিবা।” তাৰ পাছত চয়তান যিহোৱাৰ ওচৰৰ পৰা ওলাই গ’ল।


এনেতে চাওক, মৰুপ্ৰান্তৰ দিশৰ পৰা বৰ ধুমুহা আহি ঘৰটোৰ চাৰিওফালে লাগিল আৰু ঘৰটো ভাঙি ডেকাসকলৰ ওপৰতে পৰাত, তেওঁলোকে তাতে প্ৰাণত্যাগ কৰিলে। আপোনাক সম্বাদ দিবলৈ কেৱল মই অকলেহে ৰক্ষা পালোঁ।


কিন্তু যিহোৱাই সাগৰলৈ প্রবল বতাহ পঠিয়াই দিলে; তাতে সাগৰত ভয়ঙ্কৰ ধুমুহা হ’ল আৰু জাহাজ খন ভাঙি যোৱাৰ উপক্রম হ’ল।


তেতিয়া শিষ্য সকলে লোক সকলক এৰি থৈ, তেওঁ যেনেকৈ নাৱত আছিল, তেনেকৈয়ে যীচুক লগত লৈ গ’ল; আৰু আন আন নাৱো তেওঁলোকৰ লগত আছিল।


সেই সময়ত তেওঁ নাৱৰ গুৰিৰফালে গাঁৰুত মূৰ দি টোপনি গৈ আছিল। তেতিয়া তেওঁলোকে তেওঁক জগাই ক’লে, “হে গুৰু, আমি যে এতিয়া মৰোঁ, ইয়ালৈ আপুনি চিন্তা নকৰে নে”?


কিন্তু জাহাজ খন আহি আহি দুখন সাগৰৰ সঙ্গম স্থলৰ এক অশান্ত অঞ্চলত সোমাই পৰিল; তাতে জাহাজৰ আগ অংশটো বালিত খুন্দা খোৱাত, জাহাজ খন নলৰাকৈ লাগি ধৰিল আৰু পাছ অংশটো ভাঙি যাব ধৰিলে৷


তিনি বাৰ বেতৰ কোব খাইছিলোঁ, এবাৰ শিলৰ দলি খাইছিলোঁ, তিনি বাৰ জাহাজ ভগাৰ দুখ পালোঁ, অগাধ জলত এদিন এৰাতি থাকিলোঁ;