সেই দিনা গাদে দায়ূদৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি উঠি গৈ যিবুচীয়া অৰৌণাত মৰণা মৰা খলাত যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী স্থাপন কৰাগৈ।”
বিচাৰ 6:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত এই পাহাৰৰ ওপৰত তোমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ভালদৰে এটা বেদী নিৰ্ম্মাণ কৰা। পাছত দ্বিতীয় ভতৰাটো লৈ সেই আচেৰা মূর্ত্তিৰ খুটিৰ যি কাঠ তুমি কাটিবা তাক জ্বলাই হোম-বলি উৎসৰ্গ কৰা। |
সেই দিনা গাদে দায়ূদৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি উঠি গৈ যিবুচীয়া অৰৌণাত মৰণা মৰা খলাত যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী স্থাপন কৰাগৈ।”
তেতিয়া অৰৌণাই দায়ূদক ক’লে, “মোৰ প্ৰভু মহাৰাজৰ দৃষ্টিত যি ভাল হয়, তাকে লৈ উৎসৰ্গ কৰক; চাওঁক, হোম-বলিৰ বাবে এই গৰুবোৰ আৰু খৰিৰ বাবে মৰণা মৰা যন্ত্ৰ আৰু গৰুবোৰৰ যুৱঁলি আছে৷
তাৰ পৰিৱৰ্তে, তোমালোক তেওঁলোকৰ যজ্ঞবেদিবোৰ ভাঙিব লাগিব। তেওঁলোকৰ স্তম্ভবোৰ গুড়ি কৰিবা, আৰু তেওঁলোকৰ আচেৰা দেৱীৰ দণ্ডবোৰ কাটি পেলাবা।
কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ, শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত,
সেইদিনা ৰাতি যিহোৱাই গিদিয়োনক ক’লে, “তোমাৰ পিতৃৰ ভতৰাবোৰৰ পৰা দ্বিতীয় ষাঁড়টো লোৱা, যিটোৰ বয়স সাত বছৰ হৈছে। তাৰ পাছত বাল দেৱতাৰ উদ্দেশ্যে যি বেদী তোমাৰ পিতৃৰ আছে, সেই বেদী তুমি ভাঙি পেলোৱা আৰু তাৰ ওচৰতে থকা আচেৰা দেৱীৰ পূজা কৰা খুঁটি কাটি পেলোৱা।
তেতিয়া গিদিয়োনে নিজৰ দাসবোৰৰ মাজৰ দহ জনক লগত ল’লে আৰু যিহোৱাৰ কথা অনুসাৰে কাৰ্য কৰিলে; কিন্তু নিজৰ পৰিয়াল আৰু নগৰৰ লোকসকলৰ ভয়ত তেওঁ সেই কাম দিনৰ ভাগত নকৰি ৰাতি কৰিলে।”
ৰথখন বৈৎচেমচ নিবাসী যিহোচূৱাৰ পথাৰ পালে আৰু যি ঠাইত ডাঙৰ শিল এটা আছিল, সেই ঠাইতে ৰ’লহি৷ তাৰ পাছত তেওঁলোকে ৰথৰ কাঠ ফালি, গৰু দুজনীক হোমৰ অৰ্থে যিহোৱাৰ উদ্দেশ্য উৎসৰ্গ কৰিলে।