ইস্ৰায়েলৰ লোকসকলে মিস্পাত এই প্রতিজ্ঞা কৰিলে, “আমাৰ কোনেও বিন্যামীনৰ বংশৰ কাৰো ঘৰলৈ নিজ জীয়েকক বিয়া দিব নালাগে।”
বিচাৰ 21:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এতিয়া তাৰ অৱশিষ্ট থকা লোকসকলৰ বিয়াৰ বিষয়ে কি কৰা উচিত? কিয়নো আমাৰ নিজ নিজ জীহঁতক সিহঁতৰে সৈতে বিয়া নিদিওঁ বুলি কৈ আমি যিহোৱাৰ নামেৰে শপত খালোঁ।” |
ইস্ৰায়েলৰ লোকসকলে মিস্পাত এই প্রতিজ্ঞা কৰিলে, “আমাৰ কোনেও বিন্যামীনৰ বংশৰ কাৰো ঘৰলৈ নিজ জীয়েকক বিয়া দিব নালাগে।”
আমাৰ ছোৱালীবোৰকতো তেওঁলোকৰ লগত বিয়া দিব নোৱাৰো, কিয়নো আমি শপত খাইছিলো যে, কোনোৱে যদি বিন্যামীনীয়াক ছোৱালী দিয়ে, তেন্তে তেওঁ অভিশপ্ত হ’ব।”
তেওঁলোকৰ বাপেক বা ভায়েক-ককায়েকসকলে যেতিয়া আমাৰ ওচৰত গোচৰ দিবলৈ আহিব, তেতিয়া আমি তেওঁলোকক ক’ম, ‘আপোনালোকে এই সকলো ছোৱালীকে দান কৰি তেওঁলোকৰ প্রতি দয়া কৰক; কিয়নো যুদ্ধৰ সময়ত আমি তেওঁলোকৰ কাৰণে যথেষ্ট যুৱতী নাপালোঁ। শপতৰ বিষয়ত আপোনালোকে একো দোষ কৰা নাই; কাৰণ আপোনালোকেতো আপোনালোকৰ ছোৱালীবোৰক নিজে তেওঁলোকলৈ বিয়া দিয়া নাই’।”
ইস্ৰায়েলৰ সন্তান সকলে নিজ ভাই বিন্যামীনৰ অৰ্থে বেজাৰ কৰি ক’লে, “ইস্ৰায়েলৰ মাজৰ পৰা আজি এক ফৈদ উচ্ছন্ন হ’ল;
এই হেতুকে তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ফৈদ সমূহৰ মাজৰ এনে কোন আছে, যি ফৈদ মিস্পাত যিহোৱাৰ কাষত উপস্থিত হোৱা নাই?” তেতিয়া তেওঁলোকে জানিব পাৰিলে যাবেচ গিলিয়দৰ পৰা কিছুমান মানুহ সেই সমাবেশত উপস্থিত হোৱা নাই।
তেতিয়া লোকসকলে চৌলক ক’লে, “যিজনে ইস্ৰায়েলৰ মাজত এনে উদ্ধাৰ কাৰ্য সাধন কৰিলে, সেই যোনাথন মৰিব লাগিব নে? এনে নহওক; যিহোৱাৰ জীৱনৰ শপত, তেওঁ মুৰৰ এডালি চুলিও মাটিত নপৰিব; কিয়নো তেওঁ আজি ঈশ্বৰেৰে সৈতে কাৰ্য কৰিলে।” এইদৰে লোকসকলে যোনাথনক ৰক্ষা কৰা বাবে তেওঁৰ মৃত্যু নহ’ল।