পাছত তেওঁলোকে পৰস্পৰে কোৱা-কুই কৰি ক’লে, “বাটত আহি থাকোতে তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিছিল আৰু ধৰ্মশাস্ত্ৰৰ অর্থ বুজাই দিছিল, তেতিয়া আমাৰ হৃদয় প্ৰজ্বলিত নহৈছিল নে?”
পাঁচনি 17:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ শাস্ত্ৰীয় বচন মেলি ব্যাখ্যা কৰিলে যে, খ্রীষ্টই দুখভোগ কৰা আৰু মৃত্যুৰ পৰা পুণর্জীৱিত হোৱাৰ প্রয়োজন আছিল। তেওঁ আকৌ ক’লে, “এই যি যীচুক মই আপোনালোকৰ আগত প্রচাৰ কৰিছোঁ, সেই যীচুৱেই হৈছে খ্রীষ্ট।” |
পাছত তেওঁলোকে পৰস্পৰে কোৱা-কুই কৰি ক’লে, “বাটত আহি থাকোতে তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিছিল আৰু ধৰ্মশাস্ত্ৰৰ অর্থ বুজাই দিছিল, তেতিয়া আমাৰ হৃদয় প্ৰজ্বলিত নহৈছিল নে?”
আৰু তেওঁ তেওঁলোকক ক’লে, “মোচিৰ বিধানত, ভাববাদী সকলৰ বিধান-শাস্ত্ৰত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হ’ব লাগে বুলি তোমালোকৰ লগত থাকোতেই, যি কথা মই কৈছিলোঁ, মোৰ সেই কথা এই।”
আৰু তেওঁ তেওঁলোকক ক’লে, “এইদৰে লিখা আছে, যে খ্ৰীষ্টে দুখভোগ কৰি তৃতীয় দিনা মৃত লোকৰ মাজৰ পৰা পুনৰায় উঠিব৷
কাৰণ ধৰ্মশাস্ত্ৰত এই কথা কোৱা হৈছে যে ‘মৃত লোক সকলৰ মাজৰ পৰা তেওঁ পুনৰায় উঠিব’, শাস্ত্ৰৰ এই শিক্ষা তেওঁলোকে এতিয়ালৈকে বুজা নাছিল।
এদিন পাঁচনি সকলৰ সৈতে সমবেত হোৱা সময়ত তেওঁ এই আজ্ঞা দিলে, “তোমালোকে যিৰূচালেম এৰি নাযাবা, কিন্তু মোৰ পৰা পিতৃৰ যি প্ৰতিজ্ঞা শুনিলা, সেই প্ৰতিজ্ঞালৈকে বাট চাই থাকা।
কিয়নো যীচু যে খ্ৰীষ্ট হয়, তেওঁ শাস্ত্ৰৰ দ্বাৰাই এই বিষয়ে প্ৰমাণ কৰি দেখুৱালে, তাতে তেওঁ সবর্বসাধাৰণৰ আগত ইহুদী সকলৰ আপত্তি খণ্ডন কৰিলে।
চীল আৰু তীমথিয় মাকিদনিয়া দেশৰ পৰা অহাৰ পাছত পৌলে আত্মাৰ দ্বাৰা অনুপ্রাণিত হৈ ঘোষণা কৰিলে আৰু ইহুদী সকলৰ আগত যীচুৱেই যে খ্রীষ্ট হয়, সেই সাক্ষ্য দিলে
কিন্তু ঈশ্বৰে পূৰ্বতে ভাববাদী সকলৰ মূখেৰে খ্রীষ্টৰ দূখভোগৰ বিষয়ত যি কথা কোৱাইছিল, সেই বিষয়কে তেওঁ এই ৰূপে সিদ্ধ কৰিলে।
কিন্তু চৌলে অধিক শক্তিমান হৈ, এই যীচুৱেই যে খ্ৰীষ্ট হয়, ইয়াৰ প্ৰমাণ দি দম্মেচকত থকা ইহুদী সকলক নিৰুত্তৰ কৰিলে।
হে অবুজ গালাতীয়া লোক, কাৰ চকুৱে আপোনালোকক মুগ্ধ কৰি পেলাইছে? আপোনালোকৰ চকুৰ আগতেই যীচু খ্ৰীষ্ট ক্রুচত হত হোৱা বুলি জানো মই স্পষ্টভাৱে বর্ণনা কৰা নাছিলো?