অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




নহি 13:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

মই ভঁৰালবোৰ শুচি কৰিবলৈ আদেশ দিলোঁ, আৰু সেই ঠাইলৈ ঈশ্বৰৰ গৃহৰ বস্তুবোৰ, শস্য নৈবেদ্যৰ বস্তুবোৰ আৰু ধূপ-ধূনা পুনৰ আনি থলোঁ।

অধ্যায়টো চাওক



নহি 13:9
5 পৰস্পৰ সংযোগসমূহ  

তেওঁ তেখেতসকলক ক’লে, “হে লেবীয়াসকল, আপোনালোকে মোৰ কথা শুনক! আপোনালোকে এতিয়া নিজক পবিত্ৰ কৰি নিজৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ গৃহ পবিত্ৰ কৰক আৰু পবিত্ৰ স্থানৰ পৰা অশুচি বস্তুবোৰ উলিয়াই পেলাওঁক।


আমি আমাৰ আটাৰ লদাৰ আগভাগ, শস্য নৈবেদ্য, প্রত্যেক গছৰ ফল, নতুন দ্ৰাক্ষাৰস, তেল, আমাৰ ঈশ্বৰৰ গৃহৰ গুদামলৈ আৰু পুৰোহিতসকলৰ ওচৰলৈ আনিম। আমাৰ মাটিত উৎপন্ন হোৱা শস্যৰ দশম ভাগ লেবীয়া সকলৰ ওচৰলৈ আমি আনিম, কাৰণ আমি কাম কৰা নগৰ বোৰৰ পৰা লেবীয়াসকলে দশমভাগ আদায় কৰে।


দায়ুদ আৰু তেওঁৰ পুত্র চলোমনৰ আজ্ঞা অনুসাৰে গায়ক আৰু দুৱৰীসকলে কৰাৰ দৰে তেওঁলোকে তেওঁলোকৰ ঈশ্বৰৰ সেৱা-কাৰ্য আৰু শুচি কৰা কাৰ্য সম্পন্ন কৰিছিল।


প্ৰত্যেক বাট-চৰাৰ বাৰাণ্ডাৰ ওলাই থকা সন্মুখৰ দুই ভাগৰ ওচৰত দুৱাৰ থকা এটা এটা কোঁঠালি আছিল; তাত হোম-বলি ধোৱা হয়।