নহি 12:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বকবুকিয়া আৰু উন্নো তেওঁলোকৰ সহযোগী আছিল, উপাসনাৰ সময়ত তেওঁলোকৰ বিপৰীতে তেওঁলোক থিয় হৈছিল। |
লেবীয়াসকলৰ মূখ্য লোক হচবিয়া, চেৰেবিয়া, কদ্মীয়েলৰ পুত্ৰ যেচুৱা, তেওঁলোকৰ সহকৰ্মীৰ সৈতে তেওঁলোক ঈশ্বৰৰ লোক দায়ূদৰ আজ্ঞা পালন কৰি ভাগে ভাগে সহাৰি জনায় তেওঁলোকৰ বিপৰীতে থিয় হৈ ঈশ্ৱৰৰ স্তুতি-প্ৰশংসা কৰিছিল।
লেবীয়া সকল যেচুৱা, বিন্নুই, কদ্মীয়েল, চেৰেবিয়া, যিহূদা আৰু মত্তনীয়া; এই মত্তনিয়া আৰু তেওঁৰ সহযোগী সকল ধন্যবাদৰ গীত গোৱাসকলৰ দায়িত্বত আছিল।