অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




দ্বি.বি. 7:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোৱাই আপোনালোকৰ মাজৰ পৰা সকলো ৰোগ দূৰ কৰিব; মিচৰত যি সকলো বিষম ৰোগ আপোনালোকে দেখিলে, সেইবোৰ তেওঁ আপোনালোকৰ ওপৰত নিদিব, কিন্তু আপোনালোকক ঘিণ কৰোঁতা সকলৰ ওপৰতহে দিব।

অধ্যায়টো চাওক



দ্বি.বি. 7:15
9 পৰস্পৰ সংযোগসমূহ  

সেয়ে তোমালৈ কোনো বিপদ নঘটিব; আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব।


তেওঁ ক’লে, “মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।”


তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ সেৱা কৰিবা। তোমালোকে এইদৰে কৰিলে মই তোমালোকৰ অন্ন-জলক আশীৰ্ব্বাদ কৰিম। মই তোমালোকৰ মাজৰ পৰা ৰোগ দূৰ কৰিম।


শাস্ত্ৰজ্ঞ সকলে সেই বিষম খহুৰ কাৰণে মোচিক বাধা দিব নোৱাৰিলে। কাৰণ সকলো শাস্ত্ৰজ্ঞ আৰু মিচৰীয়া লোকসকলৰ শৰীৰত সেই বিষম খহু ওলাইছিল।


যিহোৱাই আপোনালোকক মিচৰীয় বিহ ফোঁহোৰা, খহু, ফাপৰ, আৰু খজুলি এনেবোৰ সুস্থ কৰিব নোৱাৰা ৰোগেৰে আক্রান্ত কৰিব।


মিচৰ দেশত যি সকলো ৰোগ দেখি আপোনালোকে ভয় কৰিছিল, তেওঁ সেই সকলোবোৰ আপোনালোকৰ ওপৰলৈ আনিব আৰু সেইবোৰে আপোনালোকক নেৰিব।


যিসকলে আপোনালোকক ঘৃণা আৰু তাড়না কৰিব, এই সকলো শাও যিহোৱাই আপোনালোকৰ সেই শত্রুবোৰৰ ওপৰত আনিব