অম্ৰমৰ পুত্ৰ আছিল: হাৰোণ আৰু মোচি। অতি পবিত্ৰ বস্তু যিহোৱাৰ সাক্ষাতে ধূপ জ্বলাই, তেওঁৰ পৰিচৰ্যা কৰিবলৈ, আৰু তেওঁৰ নামেৰে চিৰকাল আশীৰ্ব্বাদ কৰিবৰ বাবে, হাৰোণক আৰু তেওঁৰ বংশধৰ সকলক স্থায়ীভাৱে মনোনীত কৰা হ’ল।
দ্বি.বি. 21:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আৰু লেবীসকলৰ সন্তান পুৰোহিতসকলো অৱশ্যেই তালৈ যাব; কিয়নো আপোনাৰ ঈশ্বৰ যিহোৱাই নিজৰ পৰিচৰ্যা কৰিবলৈ আৰু যিহোৱাৰ নামেৰে আশীৰ্ব্বাদ কৰিবলৈ এই লোকসকলকেই মনোনীত কৰিলে; আৰু তেওঁলোকে বাক্য অনুসাৰে প্ৰত্যেক বিবাদ আৰু আঘাতৰ বিচাৰ নিস্পত্তি কৰিব। |
অম্ৰমৰ পুত্ৰ আছিল: হাৰোণ আৰু মোচি। অতি পবিত্ৰ বস্তু যিহোৱাৰ সাক্ষাতে ধূপ জ্বলাই, তেওঁৰ পৰিচৰ্যা কৰিবলৈ, আৰু তেওঁৰ নামেৰে চিৰকাল আশীৰ্ব্বাদ কৰিবৰ বাবে, হাৰোণক আৰু তেওঁৰ বংশধৰ সকলক স্থায়ীভাৱে মনোনীত কৰা হ’ল।
ৰক্তপাতৰ বিষয়ে বা ব্যৱস্থা ও আজ্ঞাৰ বা বিধি ও শাসন-প্ৰণালীৰ বিষয়ে যি কোনো গোচৰ, নিজ নিজ নগৰত বাস কৰা তোমালোকৰ ভাইসকলৰ পৰা তোমালোকৰ গুৰিত উপস্থিত হ’ব, সেই বিষয়ে তোমালোকে সেই লোকসকলক উপদেশ দিবা যাতে তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে দোষী নহ’ব আৰু তোমালোকৰ ওপৰত আৰু তোমালোকৰ ভাইসকলৰ ওপৰত তাৰ কাৰণে যিহোৱাৰ ক্ৰোধ নাথাকিব; যদি তোমালোকে ইয়াকে কৰা তেতিয়া তোমালোক দোষী নহ’বা।
তেতিয়া তেওঁ মোক ক’লে, “পৃথক কৰা ঠাইৰ সন্মুখত থকা উত্তৰ আৰু দক্ষিণৰ কোঁঠালিবোৰ পবিত্ৰ কোঁঠালি; যিহোৱাৰ ওচৰত থকা পুৰোহিতসকলে তাত অতি পবিত্ৰ বস্তু ভোজন কৰে; তাত তেওঁলোকে অতি পবিত্ৰ বস্তুবোৰ, ভক্ষ্য নৈবেদ্য, পাপাৰ্থক বলি আৰু দোষাৰ্থক বলি থয়; কিয়নো সেই ঠাই পবিত্ৰ।
আৰু কোনো বিবাদ হ’লে, তেওঁলোকে বিচাৰ কৰিবলৈ থিয় হ’ব; মোৰ বিচাৰ অনুসাৰে তেওঁলোকে বিচাৰ কৰিব; মোৰ আটাই নিৰূপিত পৰ্ব্বতবোৰত মোৰ ব্যৱস্থা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিব; আৰু মোৰ বিশ্ৰাম-দিনবোৰ পবিত্ৰ কৰিব।
তেতিয়া হাৰোণে তেওঁলোকৰ ফাললৈ হাত দাঙি তেওঁলোকক আশীৰ্ব্বাদ কৰিলে; এইদৰে তেওঁ পাপাৰ্থক বলি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰি নামি আহিল।
এজন পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁৰ মুখৰ পৰা আদেশ বিচাৰিব লাগে; কাৰণ তেঁৱেই মোৰ অর্থাৎ বাহিনীসকলৰ যিহোৱাৰ বার্তাবাহক।
সেই সময়ত, যিহোৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে, পুৰোহিতৰ কার্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হবলৈ আৰু তেওঁৰ নামত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ লেবীয়া ফৈদক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে।
কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সকলো গোষ্ঠীৰ মাজৰ পৰা লেবী গোষ্ঠীক আৰু তেওঁলোকৰ বংশধৰসকলক বাছি ল’লে যাতে তেওঁলোকে সকলো সময়তে যিহোৱাৰ নামেৰে পৰিচর্যা কার্য কৰিব পাৰে।
তেন্তে সেই বিষয়ত জড়িত উভয় লোক সেই সময়ৰ পুৰোহিত আৰু বিচাৰকসকলৰ আগত যিহোৱাৰ সাক্ষাতে থিয় হ’ব লাগিব;
পাছত সেই নগৰৰ বৃদ্ধ লোকসকলে চেঁউৰী গৰুজনী লৈ, হাল নোবোৱা, গুটি নিসিচাঁ পানী বৈ থকা এনে উপত্যকালৈ নামি গৈ, সেই উপত্যকাত গৰুজনীৰ ডিঙি বিচ্ছেদ কৰিব।