আৰু মই ওঁঠৰ ফল সৃষ্টি কৰোঁ; যিহোৱাই কৈছে, ওচৰত থকা আৰু দূৰত থকা উভয়ৰ মাজত শান্তি হওক, শান্তি হওক; আৰু মই তেওঁলোকক সুস্থ কৰিম।
দ্বি.বি. 20:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আপোনালোকে কোনো নগৰ আক্রমণ কৰিবলৈ যাওঁতে, প্ৰথমতে সেই ঠাইৰ লোকসকলৰ ওচৰত শান্তিৰ প্রস্তাৱ আগবঢ়াব। |
আৰু মই ওঁঠৰ ফল সৃষ্টি কৰোঁ; যিহোৱাই কৈছে, ওচৰত থকা আৰু দূৰত থকা উভয়ৰ মাজত শান্তি হওক, শান্তি হওক; আৰু মই তেওঁলোকক সুস্থ কৰিম।
মই ইফ্ৰয়িমৰ পৰা ৰথ আৰু যিৰূচালেমৰ পৰা ঘোঁৰা উচ্ছন্ন কৰিম আৰু যুদ্ধৰ ধনু উচ্ছন্ন কৰা হ’ব; কিয়নো তেওঁ জাতিবোৰক শান্তিৰ কথা ক’ব, তেওঁৰ ৰাজ্য সমুদ্ৰৰ পৰা সমুদ্ৰলৈকে আৰু নদীৰ পৰা পৃথিৱীৰ অন্তলৈকে হ’ব।
যি জন সকলোৰে প্ৰভু, সেই যীচু খ্ৰীষ্টৰ দ্বাৰাই মিলনৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে, ঈশ্বৰে যি বাক্য ইস্ৰায়েলৰ লোক সকললৈ পঠালে,
কিন্তু যি ঈশ্বৰে খ্ৰীষ্টৰ দ্বাৰাই তেওঁৰে সৈতে আমাক মিলন কৰালে আৰু সেই মিলনৰ পৰিচৰ্যা পদ আমাক দিলে; সেই ঈশ্বৰৰ পৰাই এই সকলো হয়।
এই বাবেই খ্রীষ্টই আহি আপোনালোক যি সকল দূৰৈত আছিল, তেওঁলোকৰ আগতো শুভবার্তা আৰু তেওঁৰ শান্তি প্রচাৰ কৰিলে আৰু যি সকল ওচৰত আছিল তেওঁলোকৰ আগতো শান্তি প্রচাৰ কৰিলে।
যদি তেওঁলোকে প্রস্তাৱ গ্রহণ কৰে আৰু তেওঁলোকৰ দুৱাৰবোৰ আপোনালোকলৈ মুকলি কৰি দিয়ে, তেন্তে সেই ঠাইৰ সকলো লোক আপোনালোকৰ অধীনত ক্রীতদাস হ’ব আৰু আপোনালোকৰ কাৰণে কার্য কৰিবলৈ বাধ্য হ’ব।
তাৰ পাছত যিপ্তহে মানুহ পঠাই অম্মোনীয়াসকলৰ ৰজালৈ এই কথা সুধিলে, “আপোনাৰ আৰু আমাৰ মাজত কি সমস্যা হৈছে? কিয় আমাৰ দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছে?”
তাৰ পাছত ইস্রায়েলীয়াসকলে ৰিম্মোন শিলত থকা বিন্যামীনীয়া লোকসকললৈ বার্তা পঠাই শান্তিৰ চুক্তি কৰিবলৈ বিচাৰিলে।