অধিপতি যদি তোমাৰ ওপৰত ক্রুদ্ধ হয়, তথাপিও তুমি তোমাৰ পদ ত্যাগ নকৰিবা; কিয়নো শান্তভাৱে থাকিলে ডাঙৰ ডাঙৰ অন্যায়কো শান্ত কৰিব পাৰি।
দানি 2:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে পুনৰ উত্তৰ দি ক’লে, “মহাৰাজ আপোনাৰ দাসক সপোনটো কওঁক; আৰু আমি তাৰ ফলিতা আপোনাক ক’ম।” |
অধিপতি যদি তোমাৰ ওপৰত ক্রুদ্ধ হয়, তথাপিও তুমি তোমাৰ পদ ত্যাগ নকৰিবা; কিয়নো শান্তভাৱে থাকিলে ডাঙৰ ডাঙৰ অন্যায়কো শান্ত কৰিব পাৰি।
তেতিয়া জ্ঞানী লোকসকলে অৰামীয়া ভাষাৰে ৰজাক ক’লে, “মহাৰাজ চিৰজীৱি হওক! আপোনাৰ দাস যি আমি, আমাক আপোনাৰ সপোনটো কওক, আৰু আমি তাৰ ফলিতা প্রকাশ কৰিম।”
ৰজাই উত্তৰ দিলে, “মই নিশ্চয়কৈ জানিছোঁ, এই বিষয়ত মোৰ সিদ্ধান্ত দৃঢ় হোৱা দেখি আপোনালোকে অধিক সময় বিচাৰিছে।
কিন্তু যদি আপোনালোকে সেই সপোন মোক নকয়, তেনেহ’লে আপোনালোকৰ বাবে কেৱল এটাই শাস্তি আছে। যেতিয়ালৈকে মোৰ মন সলনি নহয়, তেতিয়ালৈকে আপোনালোকে মোক মিছা আৰু বিভ্রান্তিকৰ কথা ক’বলৈ একেলগে সন্মত হৈছে, সেয়ে এতিয়া আপোনালোকেই মোৰ আগত সপোনটোও কওক; আৰু তেতিয়া মই জানিম যে, আপোলোকে তাৰ ফলিতাও মোৰ আগত ক’ব পাৰিব।”
তেতিয়া মায়াবীলোক, মৃতলোকৰ লগত কথা পতা দাবী কৰা লোক, জ্ঞানীলোক, জ্যোতিষী সকল মোৰ ওচৰলৈ আহিল। মই তেওঁলোকক সপোনটো কলোঁ; কিন্তু তেওঁলোকে মোক তাৰ ফলিতা ক’ব নোৱাৰিলে।