গীত 89:45 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তুমি তেওঁৰ যৌৱন কাল চুটি কৰিলা; তুমি তেওঁক লাজেৰে ঢাকিলা। (চেলা) |
মোৰ বিৰোধীবোৰে অপমানৰ বস্ত্রাবৰণ পৰিধান কৰক; চাদৰৰ নিচিনাকৈ তেওঁলোকে নিজৰ লাজক মেৰিয়াই থাকক।
মোৰ প্ৰাণৰ বিৰোধীবোৰ লজ্জিত হৈ উচ্ছন্ন হওক; মোৰ অনিষ্ট কৰিবলৈ চেষ্টা কৰোঁতা সকলক নিন্দা আৰু অপমানেৰে ঢকা হওক।
তোমাৰ লোকসকল অলপ সময়হে তোমাৰ পবিত্রস্থানৰ আধিপত্য ভোগ কৰিলে; কিন্তু এতিয়া আমাৰ শত্রুবোৰে এইসকলো ভৰিৰে গচকিলে।
প্ৰভুৱে নিজ ক্ৰোধত কেনে এটা ডাঙৰ মেঘেৰে চিয়োন-জীয়াৰীক সম্পূৰ্ণৰূপে ঢাকিলে! তেওঁ স্বৰ্গৰ পৰা ইস্ৰায়েলৰ শোভাক পৃথিৱীলৈ পঠিয়াই দিলে; আৰু নিজ ক্ৰোধৰ দিনত নিজৰ ভৰি-পীৰালৈ সোঁৱৰণ নকৰিলে।
তেতিয়া মোৰ শত্রুৱে সেয়া চাব, “তোমাৰ ঈশ্বৰ যিহোৱা ক’ত?” বুলি সোধা জন লাজত পৰিব, মোৰ দৃষ্টিয়ে তেওঁক চাব; তেওঁক বাটৰ বোকাৰ নিচিনাকৈ গচকা হ’ব।