গীত 29:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যিহোৱাৰ স্বৰে বিজুলীৰ চমক সৃষ্টি কৰে। |
তেওঁ কাঁড় মাৰি শত্রুবোৰক থানবান কৰিলে, আৰু বজ্ৰ বর্ষণৰ দ্বাৰা তেওঁলোকক ব্যাকুল কৰিলে।
বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে।
মোচিয়ে আকাশলৈ চাই নিজৰ লাখুটি দাঙিলে। তেতিয়া যিহোৱাই গোটেই মিচৰ দেশত মেঘ-গৰ্জ্জন কৰি বিজুলী আৰু শিলাবৃষ্টি বৰষালে।
তেতিয়া যিহোৱাৰ সন্মুখৰ পৰা অগ্নি ওলাই তেওঁলোকক গ্ৰাস কৰিলে; তেওঁলোকে যিহোৱাৰ সন্মূখত প্ৰাণত্যাগ কৰিলে।