অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




গীত 145:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোৱা মহান, আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁৰ মহিমা অগম্য।

অধ্যায়টো চাওক



গীত 145:3
14 পৰস্পৰ সংযোগসমূহ  

কাৰণ যিহোৱা মহান আৰু অতি প্ৰশংসনীয়; আৰু আন সকলো দেৱতা বোৰতকৈ তেওঁ ভয়ানক।


চোৱা, এইবোৰ তেওঁৰ কাৰ্যবোৰৰ কণিকা মাথোন, আৰু আমি তেওঁৰ বিষয়ে কেনে সৰু ফুচফুচনি শুনিছো! কিন্তু তেওঁৰ পৰাক্ৰমৰ গৰ্জ্জন কোনে বুজিব পাৰে?


চোৱা, ঈশ্বৰ মহান, আৰু আমাৰ জ্ঞানৰ অগম্য; তেওঁৰ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য।


সৰ্ব্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য, তেওঁ পৰাক্ৰমত মহান; তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে।


অনুসন্ধান কৰিব নোৱাৰা মহৎ কৰ্মও তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেওঁ কৰে;


অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেৱেঁই কৰে।


এনে জ্ঞান মোৰ ওচৰত অতি আশ্চর্য; সেয়ে উচ্চ, মোৰ বোধৰ অগম্য;


আমাৰ প্ৰভু মহান; তেওঁৰ পৰাক্ৰম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই।


আমাৰ ঈশ্বৰৰ নগৰত, তেওঁৰ পবিত্ৰ পৰ্ব্বতত, যিহোৱা মহান আৰু অতীব প্রশংসাৰ যোগ্য,


কিয়নো যিহোৱা মহান আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁ সকলো দেৱতাতকৈয়ো ভয়ানক।


তুমি জনা নাই নে? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য।


ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!


সেই লোক সকলে ঈশ্বৰৰ দাস, মোচিৰ গীত আৰু সেই মেৰ-পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে চিৰস্থায়ী ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷