গননা 6:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অষ্টম দিনা তেওঁ দুটা কপৌ, বা দুটা পাৰ পোৱালি সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব লাগিব। |
যদি যিহোৱাৰ উদ্দেশ্যে দিয়া তেওঁৰ উপহাৰ পক্ষীবোৰৰ মাজৰ পৰা অনা হোম-বলি হয়, তেন্তে তেওঁ কপৌবোৰৰ বা পাৰ পোৱালিবোৰৰ মাজৰ পৰা নিজ উপহাৰ উৎসৰ্গ কৰিব।
পাছত যেতিয়া তাইৰ ৰক্তস্ৰাৱৰ পৰা শুচি হোৱা দিনবোৰ পুৰ হ’ব, তেতিয়া তাইৰ ল’ৰা বা ছোৱালীৰ অৰ্থে তাই হোম-বলিৰ এটা এবছৰীয়া মেৰ-ছাগ পোৱালি, আৰু পাপাৰ্থক বলিৰ কাৰণে এটা পাৰ পোৱালি বা এটা কপৌ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।
অৰ্থাৎ সেই দুটাৰ এটা পাপাৰ্থক বলি আনটো হোম-বলিস্বৰূপে আৰু সেই ভক্ষ্য নৈবেদ্যখিনিয়ে সৈতে উৎসৰ্গ কৰিব। তাৰ পাছত পুৰোহিতে শুচি হ’ব লগীয়া লোক জনক যিহোৱাৰ সন্মুখত প্ৰায়চিত্ত কৰিব।
অষ্টম দিনা তেওঁ নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ যিহোৱাৰ আগলৈ আহি সেইবোৰ পুৰোহিতক দিব লাগিব।
পাছত অষ্টম দিনা, তাই নিজৰ কাৰণে দুটা কপৌ বা দুটা পাৰ পোৱালি লৈ, সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ-মুখলৈ পুৰোহিতৰ ওচৰলৈ আনিব।