অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




গননা 4:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ত্ৰিশ বছৰ বয়সৰে পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান লোক সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমায়, তেওঁলোকক গণনা কৰা।

অধ্যায়টো চাওক



গননা 4:23
18 পৰস্পৰ সংযোগসমূহ  

এই লেবীয়াৰ বংশধৰ সকলে নিজৰ গোষ্ঠীৰ লগত যোগাযোগ কৰিছিল। তেওঁলোক নেতৃত্বত আছিল যাৰ নাম গণনা কৰা হৈছিল আৰু তালিকাত আছিল। যিহোৱাৰ গৃহৰ পৰিচৰ্যা কৰা গোষ্ঠীৰ লোকসকল বিশ বছৰ আৰু তাৰ ওপৰ বয়সৰ আছিল।


কাৰণ দায়ূদৰ শেষ বাক্যৰ অনুসাৰে বিশ বছৰ আৰু তাতকৈ ওপৰৰ বয়সৰ লেবীয়া সকলক গণনা কৰা হ’ল।


লেবীয়া সকলৰ ত্ৰিশ বছৰ আৰু তাৰ ওপৰৰ বয়সীয়া লোকসকলক গণনা কৰা হ’ল। তেওঁলোকৰ সংখ্যা আঠত্ৰিশ হাজাৰ আছিল।


“তুমি পিতৃ-বংশ আৰু বংশানুসাৰে গেৰ্চোনৰ সন্তানসকলৰো লোকপিয়ল পৰিচালনা কৰিবা।


পৰিচৰ্যা আৰু ভাৰ বৈ লৈ যোৱাই গেৰ্চোনীয়া গোষ্ঠীসকলৰ কাম আছিল।


ত্ৰিশ বছৰ বয়সৰ পৰা পঞ্চাশ বছৰ বয়সলৈকে যিমান পুৰুষ সাক্ষাৎ কৰা তেওঁলোকৰ লেখ লোৱা। তম্বুৰ কাৰ্য কৰিবলৈ কৰ্মচাৰীবোৰৰ শ্ৰেণীত, এই লোকসকল অন্তৰ্ভুক্ত হ’ব লাগিব।


আৰু পঞ্চাশ বছৰ বয়স হ’লে, সেই কৰ্মকাৰীসকলৰ শ্ৰেণীৰ পৰা ওলাব আৰু সেই কাম বন্ধ কৰিব।


কোন সৈনিকে নিজৰ খৰছত সৈন্য দলত থাকে? যি জনে দ্ৰাক্ষাবাৰী পাতে তেওঁ কি তাৰ ফল নাখায়? এনে কোন আছে যি জনে পশুৰ জাকক প্ৰতিপালন কৰে, কিন্তু তেওঁ তাৰ গাখীৰ পান নকৰে??


সত্যৰ বাক্যত, ঈশ্বৰৰ শক্তিত, সোঁ আৰু বাওঁফালে ধাৰ্মিকতাৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে, যোগ্য-পাত্ৰ দেখুৱাইছোঁ ৷


কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে; কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে, তাক যেন আপোনালোকে নকৰে, তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰুদ্ধা-বিৰুদ্ধী।


আৰু যি সকল খ্ৰীষ্ট যীচুৰ, তেওঁলোকে মাংসিক অভিলাষেৰে সৈতে কু-ভাৱনা আৰু আসক্তিক ক্রুচত দিলে৷


মই তোমাক এই আদেশ দিওঁ, হে মোৰ পুত্ৰ তীমথিয়; মই তোমাৰ সম্বন্ধে জনোৱা ভাৱবাণীৰ দৰে, তুমি তাতে একমত হৈ সেই অনুসাৰে যেন উত্তম যুজঁত প্ৰাণপণ কৰা৷


মই সেই উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, বিশ্বাস ৰাখিলোঁ।