কিয়নো মই বলিদান নিবিচাৰোঁ, বিশ্বাসপূর্ণ প্রেমহে বিচাৰো; মই বিচাৰো মানুহে যেন হোম-বলিতকৈ ঈশ্বৰ-বিষয়ক জ্ঞান অধিককৈ লাভ কৰে।
গননা 30:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু শুনা দিনা যদি তাইৰ পিতৃয়ে তাইক নিষেধ কৰে, তেন্তে তাইৰ সঙ্কল্প বা যি বন্ধনেৰে তাই নিজকে বন্ধ কৰিলে, সেই আটাই কথা সিদ্ধ কৰিব নালাগিব; আৰু তাইৰ পিতৃয়ে নিষেধ কৰা হেতুকে যিহোৱাই তাইক ক্ষমা দিব। |
কিয়নো মই বলিদান নিবিচাৰোঁ, বিশ্বাসপূর্ণ প্রেমহে বিচাৰো; মই বিচাৰো মানুহে যেন হোম-বলিতকৈ ঈশ্বৰ-বিষয়ক জ্ঞান অধিককৈ লাভ কৰে।
আৰু তাইৰ স্বামীয়ে সেই বিষয়ে শুনি তাইক একো নকৈ যদি মনে মনে থাকে, তাইক নিষেধ নকৰে, তেন্তে তাইৰ সকলো সঙ্কল্প সিদ্ধ কৰিব লাগিব। আৰু তাই যি বন্ধনেৰে নিজকে বন্ধ কৰিলে, তাকো সিদ্ধ কৰিব লাগিব।
আৰু তাইৰ পিতৃয়ে যদি, তাই সঙ্কল্প কৰা, বা ব্ৰত-বন্ধনেৰে তাই নিজকে বন্ধ কৰা কথা শুনিও, তাইক একো নকৈ মনে মনে থাকে, তেন্তে তাইৰ সকলো সঙ্কল্প সিদ্ধ কৰিব লাগিব আৰু বন্ধনেৰে তাই নিজকে বন্ধ কৰে, তাকো সিদ্ধ কৰিব লাগিব।
আৰু তাই সঙ্কল্পৰ অধীন থকা বা অবিবেচনাৰূপে মুখৰ পৰা ওলোৱা বাক্যেৰে নিজকে বন্ধ কৰা কালত, যদি তাইক বিয়া দিয়া হয়,
কিন্তু শুনা দিনা যদি তাইৰ স্বামীয়ে তাইক নিষেধ কৰে, তেন্তে তাই যি সঙ্কল্পৰ অধীন আৰু অবিবেচনাৰূপে নিজৰ মুখৰ পৰা ওলোৱা যি বাক্যৰ দ্বাৰাই তাই নিজকে বন্ধ কৰিলে, স্বামীয়ে তাক ব্যৰ্থ কৰিব আৰু যিহোৱাই তাইক ক্ষমা দিব।