অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




গননা 17:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক এই কথাবোৰ ক’লে। তেওঁলোকৰ অধ্যক্ষসকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ বাবে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি তেওঁক দিলে। আৰু হাৰোণৰ লাখুটি তেওঁলোকৰ লাখুটিবোৰৰ মাজত আছিল।

অধ্যায়টো চাওক



গননা 17:6
5 পৰস্পৰ সংযোগসমূহ  

তেতিয়া তুমি লিখা কাঠ দুডাল তেওঁলোকৰ আগত তোমাৰ হাতত থাকিব।


আৰু ইস্ৰায়েলৰ সন্তান সকলৰ সকলোৱে মোচি আৰু হাৰোণৰ অহিতে নিন্দা কৰিবলৈ ধৰিলে। আৰু গোটেই সমাজে তেওঁলোকৰ আগতে ক’লে, “হায় হায়, আমি এই মৰুভূমিত মৰাতকৈ মিচৰ দেশতেই মৰা হ’লে কেনে ভাল আছিল!


কেৱল তোমালোকে কোনো ধৰণৰ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা, সেই দেশৰ লোকসকললৈ ভয়ো নকৰিবা। কিয়নো তেওঁলোক আমাৰ ভক্ষ্যনস্বৰূপ। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, কাৰণ যিহোৱা আমাৰ সঙ্গত আছে; তেওঁলোকলৈ ভয় নকৰিবা।”


পাছত মোৰ মনোনীত লোকৰ লাখুটিত কলি ধৰিব। তাতে ইস্ৰায়েলৰ সন্তান সকলে তোমালোকৰ বিৰুদ্ধে বকা বকনি মোৰ ওচৰৰ পৰা মই দূৰ কৰিম।”


তাতে মোচিয়ে সেই সকলো লাখুটি লৈ, সাক্ষ্য-ফলি থকা তম্বুত যিহোৱাৰ আগত হ’ল।