অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




গননা 1:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

চিমিয়োনৰ গোষ্ঠীৰ পৰা সকলো লোকক গণনা কৰা হ’ল, আৰু এওঁলোক পূৰ্বপুৰুষৰ বংশৰ আৰু পৰিয়ালৰ নথিৰ পৰা যুদ্ধলৈ যাব পৰা বিশ বছৰ বা তাতকৈ অধিক বয়সীয়া লোক।

অধ্যায়টো চাওক



গননা 1:22
11 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত লেয়া পুনৰ গৰ্ভৱতী হ’ল আৰু তেওঁৰ এটি পুত্ৰ জন্মিল। তেওঁ ক’লে, “মোক অৱহেলা কৰাৰ কথা যিহোৱাই শুনিলে আৰু সেয়ে মোক এই ল’ৰাটিও দিলে।” তেওঁ সেই পুত্রৰ নাম চিমিয়োন [শ্ৰৱণ] ৰাখিলে।


পাছত যোচেফে তেওঁলোকৰ ওচৰৰ পৰা গ’ল আৰু কান্দিবলৈ ধৰিলে। পুনৰ আহি তেওঁলোকৰ সৈতে কথাবার্তা হ’ল। তেওঁ তেওঁলোকৰ মাজৰ পৰা চিমিয়োনক বাচি ল’লে আৰু তেওঁলোকৰ চকুৰ সন্মুখতে তেওঁক বান্ধিলে।


চিমিয়োনৰ পুত্র যিমূৱেল, যামীন, ওহদ, যাখীন, চোহৰ আৰু চৌল। চৌল এগৰাকী কনানীয়া মহিলাৰ পুত্র।


যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা; তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়।


ৰূবেণ ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ছয়চল্লিশ হাজাৰ পাঁচশ জন আছিল।


চিমিয়োনৰ সেই ফৈদৰ পৰা গণনা কৰা সেই লোকসকলৰ সংখ্যা ঊনষাঠি হাজাৰ তিনিশ জন আছিল।


চিমিয়োন ফৈদৰ বাৰ হাজাৰ, লেবী ফৈদৰ বাৰ হাজাৰ, ইচাখৰ ফৈদৰ বাৰ হাজাৰ,