মিছাকৈয়ে তোমালোকে পৰিশ্রম কৰিবলৈ ৰাতিপুৱা সোনকালে উঠা আৰু পলমকৈ শয়ন কৰিবলৈ যোৱা, আৰু পৰিশ্রমৰ আহাৰ ভক্ষণ কৰা; কিয়নো প্রেম কৰাজনক যিহোৱাই নিদ্রা অৱস্থাতো একেৰূপ ফল দিয়ে।
উপ 2:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সূৰ্যৰ তলত মানুহে যি যি কঠোৰ পৰিশ্ৰম কৰে আৰু মনৰ চাপ লয়, তাৰ ফলত তেওঁৰ কি লাভ হয়? |
মিছাকৈয়ে তোমালোকে পৰিশ্রম কৰিবলৈ ৰাতিপুৱা সোনকালে উঠা আৰু পলমকৈ শয়ন কৰিবলৈ যোৱা, আৰু পৰিশ্রমৰ আহাৰ ভক্ষণ কৰা; কিয়নো প্রেম কৰাজনক যিহোৱাই নিদ্রা অৱস্থাতো একেৰূপ ফল দিয়ে।
তাৰ পাছত মই মোৰ হাতে যি যি কাৰ্য কৰিলে, আৰু তাক কৰিবলৈ মই যি পৰিশ্ৰম কৰিলোঁ, তাক চাই দেখিলোঁ যে, সেই সকলো অসাৰ; কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ বাহিৰে একো নহয়; সূৰ্যৰ তলত একোতেই লাভ নাই।
বতাহক ধৰাৰ চেষ্টা কৰি পৰিশ্রমেৰে দুই মুঠি লাভ কৰাতকৈ শান্তিৰে সৈতে এমুঠি পোৱাই অনেক ভাল।
কোনো এজন মানুহ একেবাৰে অকলশৰীয়াকৈ থাকে, তেওঁৰ দ্বিতীয়জন বুলিবলৈ কোনো নাই; এনেকি তেওঁৰ পুত্রও নাই, ভাই-ককাই কোনো নাই; তথাপিও তেওঁৰ পৰিশ্ৰমৰ শেষ নাই আৰু ধন-সম্পত্তি লাভৰ বিষয়ত তেওঁৰ চকু তৃপ্ত নহয়। তেওঁ সুধে, “তেন্তে মই কাৰ নিমিত্তে পৰিশ্ৰম কৰিছোঁ? কিয় আমোদ-প্রমোদৰ পৰা নিজক বঞ্চিত কৰিছোঁ?” ইও অসাৰ, অতি দুখজনক অৱস্থা।
তেওঁ অতি পীড়িত হৈ ৰোগ-ব্যাধি আৰু খঙেৰে জীৱন কটায় আৰু গোটেই জীৱনকাল আন্ধাৰত বসবাস কৰে।
সেয়ে মই জীৱনত আমোদ-প্রমোদৰে প্ৰশংসা কৰিছোঁ; কিয়নো সূর্যৰ তলত ভোজন-পান আৰু আনন্দ কৰাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই। তেন্তে সূর্যৰ তলত ঈশ্বৰে দিয়া মানুহৰ জীৱনৰ সকলো দিনবোৰত আনন্দই হ’ব তেওঁৰ পৰিশ্রমত সংগী।
কাৰণ কোনো মানুহে গোটেই খন জগত পায়ো যদি নিজৰ জীৱনকে হানি কৰে, তেনেহলে তেওঁৰ কি লাভ? মানুহে নিজৰ প্ৰাণৰ সলনি কি দিব পাৰে?
এই হেতুকে মই তোমালোকক কওঁ, ‘কি ভোজন কৰিম বা কি পান কৰিম’- এই বুলি প্ৰাণৰ কাৰণে, নাইবা ‘কি পিন্ধিম’- এই বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা। আহাৰতকৈ প্ৰাণ, আৰু কাপোৰতকৈ শৰীৰ শ্ৰেষ্ঠ নহয় নে?
এতেকে কাইলৈৰ কাৰণে চিন্তা নকৰিবা; কিয়নো কাইলৈয়ে নিজে নিজৰ বাবে চিন্তা কৰিব। দিনৰ যি কষ্ট, দিনটোলৈ সেয়ে যথেষ্ট।
পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “সেই বাবে মই তোমালোকক কওঁ, তোমালোকে কি খাম বুলি প্ৰাণৰ কাৰণে আৰু কি পিন্ধিম বুলি শৰীৰৰ কাৰণে চিন্তা নকৰিবা।
আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।
আপোনালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়ক; কিয়নো আপোনালোকৰ কাৰণে তেওঁ চিন্তা কৰে।