সৰ্ব্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য, তেওঁ পৰাক্ৰমত মহান; তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে।
ইয়ো 9:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেৱেঁই কৰে। |
সৰ্ব্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য, তেওঁ পৰাক্ৰমত মহান; তেওঁ ন্যায় বিচাৰ আৰু ধাৰ্মিকতাৰ বিপৰীত কোনো ৰূপে নকৰে।
যি জনাই অকলে মহৎ মহৎ আচৰিত কৰ্ম কৰে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
এইয়া মোৰ বোধৰ অগম্য হলেও, মই মুখেৰে তোমাৰ ধাৰ্মিকতাৰ কথা কম, ওৰে দিনটো তোমাৰ পৰিত্ৰাণৰ কথা প্ৰকাশ কৰিম;
হে যিহোৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন? পবিত্ৰতাত আপোনাৰ দৰে মহিমান্বিত কোন? প্ৰশংসাত গৌৰৱাম্বিত, আচৰিত কৰ্ম কৰোঁতা কোন?
নিজ নিজ উপযুক্ত সময়ৰ বাবে ঈশ্বৰে সকলোবোৰ ঠিক কৰি ৰাখিছে। তেওঁ মানুহৰ হৃদয়বোৰত অনন্ত কাল ৰাখিছে। তথাপিও আদিৰ পৰা অন্তলৈকে ঈশ্বৰে যি যি কাম কৰিছে মানুহে তাক বুজিব পৰা নাই।
ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!
আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কার্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ, তাতকৈও অধিক বেচি কৰিব পাৰে।