মই বিন্যামীনৰ বাবে জামিন হৈছোঁ। বিন্যামীনৰ দায়িত্বক লৈ আপুনি মোকে জগৰীয়া কৰিব। মই যদি তাক ঘূৰাই আনি আপোনাৰ সন্মুখলৈ নানো, তেন্তে চিৰকাল মই আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম।
ইয়ো 17:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বিনয় কৰোঁ, তুমি মোৰ নিৰ্দ্দোষীতা প্ৰকাশ কৰাৰ এটা চিন থোৱা; নিজৰ আগত নিজেই মোৰ জামিন হোৱা; আন কোনেও মোৰ জামিন হ’বলৈ স্বীকাৰ কৰিব? |
মই বিন্যামীনৰ বাবে জামিন হৈছোঁ। বিন্যামীনৰ দায়িত্বক লৈ আপুনি মোকে জগৰীয়া কৰিব। মই যদি তাক ঘূৰাই আনি আপোনাৰ সন্মুখলৈ নানো, তেন্তে চিৰকাল মই আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম।
মই, এই আপোনাৰ দাসে মোৰ পিতাৰ ওচৰত এই ল’ৰাৰ কাৰণে জামিন হৈ কৈছিলোঁ, ‘মই যদি তাক আপোনাৰ ওচৰলৈ নানো, তেন্তে পিতা মই চিৰকাললৈকে আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম।
“এতিয়া মাতাচোন, কোনোবাই তোমাক উত্তৰ দিব নে? আৰু পবিত্ৰলোকৰ মাজত তুমি কালৈ মুখ কৰিবা?
যিজনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ নিশ্চয় অনিষ্ট হ’ব; কিন্তু যিজনে জামিন হ’বলৈ ইচ্ছা নকৰে, তেওঁ নিৰাপদে থাকে।
যি জনে অচিনাকীৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা; যেতিয়া তেওঁ কোনো ব্যভিচাৰিণীৰ বাবে জামিন হয়, তেতিয়া তেওঁৰ পৰা বন্ধক লোৱা।
ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা, আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়।
মই বগলীৰ দৰে চিঁচিঁয়াই আছোঁ; কপৌৰ দৰে শোক ধ্বনি কৰিছোঁ; ওপৰলৈ চাওঁতে চাওঁতে মোৰ চকু দুৰ্বল হ’ল; হে যিহোৱা মই উপদ্ৰৱ পাইছোঁ, মোক সহায় কৰক।