অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




ইজ্ৰা 4:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ৰহূম সেনাপতি আৰু চিমচয় লিখকেও অৰ্তক্ষত্ৰ ৰজালৈ যিৰূচালেমৰ বিষয়ে এইদৰে এখন পত্র লিখিলে।

অধ্যায়টো চাওক



ইজ্ৰা 4:8
6 পৰস্পৰ সংযোগসমূহ  

চেয়া ৰাজলিখক আৰু চাদোক আৰু অবিয়াথৰ পুৰোহিত আছিল।


অহীটুবৰ পুত্ৰ চাদোক আৰু অবিয়াথৰৰ পুত্ৰ অহীমেলক আছিল পুৰোহিত আৰু চৰায়া আছিল ৰাজলিখক৷


তেওঁলোকে যেতিয়া ৰজা হিষ্কিয়াক মাতি পঠালে; ৰাজগৃহৰ পৰা ঘৰগিৰী হিল্কিয়াৰ পুত্ৰ ইলিয়াকীম, ৰাজ লিখক চেবনা আৰু ইতিহাস লিখক আচফৰ পুত্ৰ যোৱাই তেওঁলোকক সাক্ষাৎ কৰিবলৈ বাহিৰ ওলাই গ’ল।


ৰজাই ৰহূম, চিমচয়, চমৰিয়াত থকা তেওঁলোকৰ সহকাৰীসকল আৰু নদীৰ সিপাৰে থকা অৱশিষ্ট লোকসকলক উত্তৰ লিখি পঠালে, “তোমালোকৰ মঙ্গল হওক।


অহচবেৰোচ ৰজাৰ ৰাজত্বৰ সময়ত, সেই বিশ্লম, মিত্ৰদাৎ, টাবেল, আৰু তেওঁৰ সহকাৰীসকলে, পাৰস্যৰ অহচবেৰোচ ৰজালৈ এখন পত্র লিখিলে। সেই পত্ৰ অৰামীয়া ভাষাৰে লিখা আৰু অনুবাদ কৰা আছিল।


তাৰ পাছত ৰহূম, চিমচয়, আৰু তেওঁৰ সহকাৰীসকল দীনায়ীয়া, অফৰ্চৎখীয়া, টৰ্পলীয়া, অৰ্ফচীয়া, অৰ্কবীয়া, বাবিলীয়া, চুচনখীয়া, দেহয়ীয়া, আৰু এলমীয়া লোকসকলে এখন পত্র লিখিলে।