অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




আদি 10:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কুচৰ পুত্ৰৰ নাম নিম্ৰোদ; এই নিম্রোদ পৃথিবীত এজন মহা-পৰাক্ৰমী পুৰুষ হৈ উঠিছিল।

অধ্যায়টো চাওক



আদি 10:8
6 পৰস্পৰ সংযোগসমূহ  

কুচৰ সন্তান সকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তান সকল হ’ল চিবা আৰু দদান।


যিহোৱাৰ সন্মুখত তেওঁ আছিল এজন পৰাক্ৰমী চিকাৰী। সেইবাবে তেওঁৰ তুলনা দি এই লোক-প্রবাদ আছে, “নিম্রোদৰ নিচিনা, যিহোৱাৰ সন্মুখতো এজন পৰাক্রমী চিকাৰী।”


দ্বিতীয় নৈখনৰ নাম গীহোন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে।


কুচৰ পুত্ৰ নিম্রোদ; যি জন পৃথিৱীৰ প্রথম জয়কাৰী লোক আছিল।


ৰাজদূতসকলক নলখাগড়িৰ জাহাজত সমূদ্রৰ বাটেদি পঠোৱা জন, যি দেশৰ লোকসকল বলিষ্ট আৰু ধুনীয়া, যি সকল আদিৰ পৰা এতিয়ালৈকে ভয়ানক, যি সকলৰ দেশ নদীবোৰেৰে বিভক্ত, সেই দেশলৈ বেগী দূতবোৰ যোৱা।


এই লোকসকলে তৰোৱালেৰে অচূৰৰ দেশ, আৰু নিজৰ হাতৰ তৰোৱালেৰে নিম্রোদৰ দেশ শাসন কৰিব। যেতিয়া অচূৰে আমাৰ দেশত সোমাব, আৰু আমাৰ সীমাৰ ভিতৰত খোজ দিব, তেতিয়া তেওঁ আমাক অচূৰৰ পৰা ৰক্ষা কৰিব।